আপুনি চকলেট খায়নে ? চকলেটৰ উপকাৰিতা কি ?

0
1482

সৰু ল’ৰা-ছোৱালীৰ আটাইতকৈ প্ৰিয় বস্তুবিধেই হৈছে চকলেট৷ যুৱক-যুৱতীসকলেও বিভিন্ন সোৱাদযুক্ত চকলেট খাই ভাল পায়৷ আমাৰ সভ্য সমাজত চকলেটৰ প্ৰথম ব্যৱহাৰ হৈছিল স্পেইনত৷ ১৭৩০ চনত ইংলেণ্ডত প্ৰথম চকলেট কাৰখানা প্ৰতিষ্ঠা হৈছিল৷ ইংলেণ্ডত লজেঞ্চ চকলেট প্ৰস্তুত কৰি মানুহৰ ক্লান্তি নিৰাময়ৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ প্ৰথম চকলেটৰ বাকচ উলিয়াইছিল কেডবেৰি কোম্পানীয়ে৷ চকলেটৰ প্ৰস্তুত প্ৰণালী কিছু জটিল৷ ডাৰ্ক চকলেটে বিশেষভাৱে আমাক সুফল দিয়ে৷ চকলেটত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট থাকে৷ চকলেট সেৱনে ডায়েবেটিছ, হূদৰোগ, অতিৰিক্ত মানসিক চাপ আদিবোৰ দূৰ কৰে৷ ই মগজু সন্তুলন কৰি ৰাখে৷তাৰোপৰি চকলেটত প্ৰচুৰ পৰিমাণৰ কেলৰি পোৱা যায়৷ ওজন বৃদ্ধি দূৰ কৰাৰ ক্ষেত্ৰত চকলেট খোৱাটো খুবেই প্ৰয়োজনীয়৷ চকলেটে দেহৰ কলেষ্টৰেল নিয়ন্ত্ৰণ কৰে, ষ্ট্র’ক হোৱাৰ সম্ভাৱনা কমায়৷ দৌৰবিদসকলে দেহত অক্সিজেনৰ মাত্ৰা সমতুল কৰি ৰাখিবলৈ চকলেট খোৱাটো জৰুৰী৷ দৰাচলতে চকলেটত যথেষ্ট পৰিমাণে পুষ্টিকৰ উপাদান থাকে কাৰণে ই শৰীৰক পুষ্টি যোগায়৷ চকলেটৰ উপকাৰী গুণ বেছি যদিও ইয়াৰ অত্যধিক সেৱনে দেহৰ ওজন কমাই বিভিন্ন উপসৰ্গৰ সৃষ্টি কৰিব পাৰে৷ বেছিকৈ চকলেট সেৱন কৰিলে শৰীৰৰ শৰ্কৰাৰ পৰিমাণ বঢ়ায়৷ কিডনী, হাড় আদি দুৰ্বল কৰে৷ সৰু ল’ৰা-ছোৱালীৰ দাঁত পোকে খোৱা ৰোগ অতিমাত্ৰা চকলেট সেৱনৰ ফলতে হয়৷ সেয়েহে মাত্ৰাধিক পৰিমাণৰ চকলেট খাওঁ আহক|

LEAVE A REPLY

Please enter your comment!
Please enter your name here