শিলিখাৰ গুণাগুণ কি ?

0
2441

শিলিখা আমাৰ সকলোৰে এক পৰিচিত বনৌষধ৷ শিলিখা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ইয়াৰ গা-গছডাল সাধাৰণতে মধ্যমীয়া আকাৰৰ৷ গছডাল ৩০ মিটাৰমানলৈকে ওখ হয়৷ শিলিখাৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া চিবুলা(Terminalia Chebula)| শিলিখাক কেঁচা বা শুকান গুৰি কৰি সংৰক্ষণ কৰিব পৰা যায়৷ শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে ডায়েবেটিছ ৰোগ নিৰাময় কৰে৷ ই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা সমতুল কৰিব পাৰে৷ শিলিখাৰ ৰসে পাচন প্ৰণালী বিশুদ্ধ কৰি ৰাখে৷ হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে শিলিখা লাভজনক৷ শিলিখাৰ পানী বহু সময় উতলাই সেই পানী সেৱন কৰিলে মুখ আৰু জিভাৰ ৰোগ নিৰ্মূল হয়৷ শিলিখাই আমাৰ এচিডিটি নাশ কৰে৷ কেতিয়াবা আভোক লাগিলে শিলিখা খালে ভোক বৃদ্ধি হয়৷ পেচাব জ্বলা-পোৰা কৰিলে শিলিখা চূৰ্ণ খালে নিৰাময় হয়৷ ডিঙিৰ বিষ, মাত ভঙা আদিত মৌৰ লগত শিলিখাৰ গুৰি খালে ৰোগ উপশম হয়৷ পাইলচ বা অৰ্শ ৰোগীয়ে দিনটোত এটাকৈ হ’লেও শিলিখা খোৱাটো অত্যন্ত দৰকাৰ; তেনে কৰিলে বহুখিনি সুফল পাব পাৰে৷ আনহাতে শৌচ খোলোচা নোহোৱা, খজুৱতি, পেট ফুলা আদি ৰোগৰ বাবে শিলিখা উত্তম পথ্য৷ শিলিখাই শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিত সহায় কৰে। সেয়েহে আহক, আমাৰ শৰীৰ-মনৰ বাবে অতি উত্তম পথ্য শিলিখা দিনটোত অতিকমেও এটাকৈ হ’লেও গ্ৰহণ কৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here