শৰীৰত ইনছুলিনৰ গুৰুত্ব কি ?

0
1635

আজি সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগ ভয়াৱহ ব্যাধিৰূপে দেখা দিছে৷ বৰ্তমান সময়ত প্ৰায়ভাগ মানুহৰে ক্ষেত্ৰত ডায়েবেটিছ ৰোগৰ কথা আমি শুনিবলৈ পাওঁ৷ এই ৰোগ নিৰাময়ৰ বাবে ইনছুলিনৰ বেজী লোৱা হয়৷ শৰীৰত যদিহে ইনছুলিনৰ অভাৱ হয়, তেতিয়া ডায়েবেটিছ বা মধুমেহ ৰোগ হয়৷ ডায়েবেটিছ ৰোগ অতিমাত্ৰাত বাঢ়ি গ’লে কৃত্ৰিমভাৱে ইনছুলিন বেজী প্ৰয়োগ কৰা হয়৷ ইনছুলিন হৈছে এবিধ প্ৰ’টিনযুক্ত হৰম’ন, যি জীৱদেহৰ অগ্নাশয়ত উৎপন্ন হয়৷ কানাডাৰ বিজ্ঞানী ছাৰ ফ্ৰেডৰিক গ্ৰাণ্ট বেণ্টিঙে ১৯২১ চনত ইনছুলিন বেজী আৱিষ্কাৰ কৰিছিল৷ ১৯২২ চনত কানাডাৰ টৰণ্টোৰ ডায়েবেটিছ ৰোগী এজনৰ দেহত এই ইনছুলিন প্ৰয়োগ কৰি সুস্থ কৰা হৈছিল৷ ইনছুলিনৰ আৱিষ্কাৰৰ বাবে বেণ্টিঙে ১৯২৩ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল৷ ইনছুলিনে তেজত শৰ্কৰাৰ মাত্ৰা নিৰ্ধাৰণ কৰে৷ আমি যেতিয়া শৰ্কৰাযুক্ত আহাৰ খাওঁ, তেতিয়া খাদ্যবোৰ পাকস্থলীৰ জৰিয়তে হজম হয় আৰু তাতে গ্লুকজ প্ৰস্তুত হয়৷ শৰীৰৰ কোষসমূহলৈ গ্লুকজৰ আদান-প্ৰদান কৰে ইনছুলিনে৷ শৰীৰৰ অতিৰিক্ত খাদ্যশক্তিৰ পৰিমাণ বাঢ়িলে, ইনছুলিনে অতিৰিক্ত খাদ্যভাগ গ্লুকজৰ পৰা গ্লাইকজেনলৈ পৰিৱৰ্তন কৰিবলৈ যকৃতক সংকেত দিয়ে৷ যদিহে অত্যধিক ইনছুলিনে তেজত শৰ্কৰাৰ মাত্ৰা বিপজ্জনকভাৱে কমাই দিয়ে, তেন্তে হাইপ্লোগিচেমিয়া নামৰ এবিধ ৰোগ হয়৷ ইনছুলিনে শৰীৰৰ কোষৰ পৰা মাংসপেশ¸ীলৈকে গ্লুকজৰ পৰিমাণৰ সমতা ৰক্ষা কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here