জালুক সেৱনে শৰীৰত কৰ্কট ৰোগৰ সম্ভাৱনা কিয় কমায়?

0
2353

আমাৰ ৰন্ধন প্ৰণালীত জালুকৰ ব্যৱহাৰ প্ৰায়ে দেখা যায়৷ খাদ্য প্ৰণালীত ইয়াৰ ব্যৱহাৰ লেখত ল’বলগীয়া৷ সাধাৰণতে কিছুমান খাদ্য যেনে মাংসৰ জোল, মাছৰ ব্যঞ্জন আদিত জালুক দিলে সুকীয়া আমেজ পোৱা যায়৷ ৰঙা চাহত জালুক মিহলাই খালে এটা বেলেগ ধৰণৰ সুকীয়া আমেজ পোৱা যায়৷ এনেকৈ জালুক দিয়া চাহ খালে ডিঙিৰ সুৰসুৰণি, পানী লগা, কাহ, চৰ্দি আদি ৰোগৰ পৰা উপশম পাব পাৰি৷ জালুকৰ বহুকেইটা গুণাগুণৰ কাৰণে ই আমাৰ শৰীৰৰ বাবে অতি দৰকাৰী৷ জালুক খোৱাৰ ফলত আমাৰ শৰীৰটো বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে৷ বিশেষজ্ঞসকলৰ মতে জালুক খাদ্যৰ সৈতে খালে স্তনৰ কৰ্কট ৰোগ, টিউমাৰ আদি হোৱাৰ সম্ভাৱনা নাথাকে৷ জালুকত থকা ভিটামিন এ, ভিটামিন চি, ফ্লেভনয়েড, কেৰ’টিন, এণ্টি অক্সিডেণ্ট আদি উপাদানসমূহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, যাৰ বাবে কৰ্কট ৰোগৰ দৰে ভয়ানক ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ৷ পাচন প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো জালুকে উল্লেখনীয় ভূ্‌মিকা আগবঢ়ায়৷ ইয়াত থকা পিপেৰিনে এচিডিটি, ডায়েৰিয়া, বদহজম আদি নানাধৰণৰ পেটৰ সমস্যাৰ পৰা শৰীৰক ৰক্ষা কৰে৷ জালুকত থকা উপাদানসমূহে আমাৰ শৰীৰৰ ওজন বৃদ্ধিৰ সমস্যা নাইকিয়া কৰে৷ জালুকে শৰীৰত বাঢ়ি অহা চৰ্বি আঁতৰোৱাৰ উপৰি দেহৰ অতিৰিক্ত পানী আৰু টক্সিনো নিষ্কাশন কৰে৷ জালুকে গেছৰ সমস্যা দূূৰ কৰে৷ বহু ক্ষেত্ৰত ছালৰ উজ্জ্বলতা বঢ়াবলৈ লগতে ছালত হোৱা বিভিন্ন সংক্ৰমণ ৰোধৰ বাবে কম পৰিমাণে জালুকৰ লেপন লগোৱাটো ভাল৷ ক’বলৈ গ’লে জালুক পুষ্টিৰ আধাৰ৷ ই মানসিক অৱসাদ আঁতৰাই মগজুক সক্ৰিয় কৰি ৰাখে৷ সেয়েহে আহক আমাৰ খাদ্য তালিকাত জালুকক অন্তৰ্ভুক্ত কৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here