শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব

0
214


আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ সক্ষম হওঁ৷ সেয়েহে ইয়াৰ যতন লোৱাটো খুবেই প্ৰয়োজন৷ পুষ্টিকৰ খাদ্য, স্বাস্থ্যসন্মত জীৱনশৈলীয়ে আমাৰ চকুযুৰিৰ স্বাস্থ্য ভালে ৰাখিব পাৰে৷ বেছিভাগ লোকে চকুৰ বিভিন্ন সমস্যাত ভোগা দেখা যায়৷ তাৰ ভিতৰত চকুৰ শুষ্কতা, চকুৰ ৰঙা পৰা, দৃষ্টিশক্তি কমি যোৱা আদি৷ ইয়াৰ ভিতৰৰ কিছুমান সমস্যা জলবায়ু পৰিৱৰ্তন বা প্ৰদূষণৰ ফলতো হোৱা দেখা যায়৷ তেনে এবিধ চকুৰ সমস্যা হৈছে চকুৰ শুষ্কতা বা চকুযুৰিৰ মসৃণতা নাইকিয়া হোৱা৷ ই এনেকুৱা এক অৱস্থা, য’ত চকুৰ পানীৰ উৎপাদন কমি যায়৷ ইয়াৰ ফলত চকুৰ পানীয়ে পৰ্যাপ্ত পৰিমাণে আপোনাৰ চকুযুৰিক চাফা কৰিব নোৱাৰে৷ চকুৰ মসৃণতা নাইকিয়া হ’লে চকুযুৰি বহু কষ্ট পায় আৰু চকুৰ জ্বলা-পোৰা কৰাৰ লগতে ৰঙা পৰে, চকুৰে ধোঁৱা-কোৱা দেখে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ–
মধুৰিআম অতি উত্তম৷ মধুৰিআমে দৃষ্টিশক্তি বৃদ্ধি কৰাৰ লগতে বৃদ্ধাৱস্থাত হ’ব পৰা চকুৰ বিকৃতিৰ সম্ভাৱনা দূৰ কৰে৷
মিঠা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন-A আৰু বিটা কেৰ’টিন থাকে৷ এই দুইবিধ উপাদানে চকুৰ মসৃণতা ঘূৰাই অনাৰ লগতে চকুৰ পানী উৎপাদনতো অৰিহণা যোগায়৷
পালেং শাকত পৰ্যাপ্ত পৰিমাণে ফলিক এচিড পোৱা যায়৷ যিয়ে চকুযুৰি সুস্বাস্থ্য বৰ্তাই ৰখাৰ লগতে চকুযুৰিক মসৃণতা প্ৰদান কৰে৷
ভিটামিন-Cযুক্ত আমলখি আমাৰ চকুযুৰিৰ ৰেটিনা সম্বন্ধীয় সমস্যা দূৰ কৰাৰ বাবে উত্তম৷
কমলাতো প্ৰচুৰ পৰিমাণে ভিটামিন-C পোৱা যায়, যিয়ে আমাৰ চকুযুৰিক হাইড্ৰেট কৰি ৰখাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
বেছি সময় পঢ়া-শুনা কৰা বা টিভি, কম্পিউটাৰ চোৱা আদি কামেও চকুৰ মসৃণতা নাইকিয়া কৰে৷ গতিকে এইবোৰ কামৰ মাজত বিৰতি ল’ব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here