পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ!জানক ইয়াৰ আঁৰৰ কথা

0
677


ধূমপানৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ তালিকাখন আমাৰ সকলোৰে জ্ঞাত৷ সেয়ে সময়সাপেক্ষে কিছুমান এলেকা বা অঞ্চল ধূমপানৰ পৰা সুৰক্ষিত হ’বলৈ নিষিদ্ধ কৰা হয়৷ ধূমপান নিষিদ্ধ এলেকাৰ কথা আমি সকলোৱে শুনিছোঁহঁক৷ এটা নিৰ্দিষ্ট অংশ বা খণ্ড ধূম্ৰপায়ীসকলৰ বাবে নিষিদ্ধ কৰা হয়৷ কিন্তু এখন ৰাজ্যৰ সম্পূৰ্ণ পাঁচখন গাঁও একেলগে ধূমপান বৰ্জিত বা নিষিদ্ধ এলেকা ঘোষণা কৰাটো আচৰিত যেনেই লাগে৷ হয়, ভাৰতৰে কিছুমান এনে গাঁও আছে, য’ত ধূমপান একেবাৰে নিষিদ্ধ৷ প্ৰাকৃতিক পৰিৱেশৰ বাবে সম্পূৰ্ণ সুৰক্ষিত উত্তৰাখণ্ডৰ পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ৷ স্থাপত্য বিদ্যাৰ বাবে গোটেই ভাৰতৰ বাবে অনুকৰণীয় এই গাঁওবোৰৰ বাসগৃহবোৰ প্ৰধানকৈ দেৱদাৰু গছৰ কাঠেৰে নিৰ্মাণ কৰা হয়৷ দেৱদাৰু গছৰ কাঠেৰে নিৰ্মাণ কা বাসগৃহবোৰ সম্পূৰ্ণ সুৰক্ষিত প্ৰাকৃতিক দুৰ্যোগৰ বাবেও৷ কাঠেৰে নিৰ্মিত হোৱা বাবে এই বাসগৃহসমূহত সহজে জুই লাগে৷ সেয়ে উক্ত পাঁচখন গাঁৱত ধূমপান নিষিদ্ধ কৰা হৈছে৷ উল্লেখ্য যে ১৯৯১ চনৰ বিধবংসী ভূমিকম্পৰ সময়তো উত্তৰাখণ্ডৰ মৌৰি, পুৰোলা, টাকনৌৰ, বৰকোট, ৰাজগড়ী আদি গাঁওসমূহ কোনো হানি-বিঘিনি নোহোৱাকৈ সুৰক্ষিত অৱস্থাত আছিল৷ আনহাতে বিশেষজ্ঞই জনোৱা মতে প্ৰায় ৯০০ বছৰলৈ এই দেৱদাৰু গছৰ কাঠেৰে নিৰ্মিত ঘৰসমূহে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সহিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here