চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু

0
701


ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত সপ্তাহত পৃথিৱীৰ একেবাৰে ওচৰৰে এটা গ্ৰহাণু পাৰ হৈ যাব বুলি বিজ্ঞানীসকলে জানিবলৈ দিছে৷ গ্ৰহাণুটোৱে পৃথিৱীপৃষ্ঠৰ পৰা মাত্ৰ ২ হাজাৰ ২০০ মাইল দূৰত্বৰে পাৰ হৈ যাব৷ এই সম্বন্ধে সতৰ্ক কৰিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই৷ বিজ্ঞানীয়ে জানিবলৈ দিয়া অনুসৰি গ্ৰহাণুটোৰ আকাৰ এখন ট্ৰাকৰ সমান আৰু ই ২৮ ফুট দীঘল বুলি কোৱা হৈছে৷ ইয়াৰ নাম ৰখা হৈছে এষ্টেৰয়েড ২০২৩৷ জানিব পৰা মতে গ্ৰহাণুটো দক্ষিণ আমেৰিকাৰ ওপৰেৰে উৰি যাব আৰু ইয়া ফলত পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে ইয়াৰ এটা সংঘৰ্ষ হ’ব পাৰে বুুলি সন্দেহ প্ৰকাশ কৰিছে৷ আনহাতে বিজ্ঞানীয়ে জনোৱা মতে পৃথিৱীৰ একেবাৰে ওচৰৰে পাৰ হ’লেও পৃথিৱীৰ ওপৰত কোনো ভয়ংকৰ প্ৰভাৱ নপৰে৷ পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে ঘৰ্ষণ হোৱাৰ ফলত গ্ৰহাণুটো টুকুৰা টুকুৰ হ’ব বুলি অনুমান কৰা হৈছে৷ এই সৰু সৰু অংশবোৰ পৃথিৱীৰ বুকুত পৰিলেও কোনো ক্ষতিৰ সম্ভাৱনা নাই বুলিও ব্যক্ত কৰিছে বিজ্ঞানীয়ে৷ গ্ৰহাণুটো পৃথিৱীৰ একেবাৰে ওচৰৰে পাৰ হ’লেও বিশ্ববাসীয়ে আতংক হোৱাৰ কোনো কাৰণ নাই বুলি নাছাৰ বিজ্ঞানীসকলে স্পষ্ট কৰি দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here