শিশুৰ ভোক কিদৰে বৃদ্ধি কৰিব? How to enhance a child’s appetite?

0
324

যেতিয়া আপোনাৰ সন্তানটিয়ে খাবলৈ ইচ্ছা নকৰে বা ভালকৈ খোৱা-বোৱা নকৰে, তেন্তে নিশ্চয় আপোনাৰ চিন্তা হয় যে হঠাৎ আপোনাৰ শিশুটিৰ ভোক নাইকিয়া কিয় হ’ল৷ এনেধৰণৰ প্ৰশ্ন মনলৈ অহাটো স্বাভাৱিক৷ কিয়নো যদি আপোনাৰ সন্তানটিয়ে ঠিকমতে খোৱা-বোৱা নকৰে, তেন্তে প্ৰয়োজনীয় পুষ্টি তেওঁ ক’ৰপৰা লাভ কৰিব৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা কিছুমান প্ৰাকৃতিক উপায়, যাৰ দ্বাৰা আপোনাৰ শিশুটিৰ ভোক বৃদ্ধি কৰাব পাৰিব৷

(১) আপোনাৰ শিশুটিক পুৱা পোন প্ৰথমে পানী খোৱাৰ অভ্যাস কৰাওক, আনকি গাখীৰ খুওৱাৰ আগতেও৷ লগতে খাদ্য খোৱাৰ আধা ঘণ্টা আগতে পানী খালে ভোক বৃদ্ধি হয়৷


(২) শিশুক সকলো সময়তে গাখীৰ খুৱালে তেওঁলোকৰ খাদ্যৰ প্ৰতি অনীহা জাগে৷ সেয়েহে গাখীৰৰ পৰিৱৰ্তে তেওঁলোকক দৈ, চিজ, ক্ৰীম আদি খুওৱাৰ অভ্যাস কৰাওক৷

Child Eating Yogurt In The Kitchen In A Green Jacket, Daylight Stock Photo, Picture And Royalty Free Image. Image 116009539.


(৩) যদি আপোনাৰ শিশুটিৰ ভোক কমিছে, তেন্তে তেওঁলোকৰ খেলাৰ সময় বৃদ্ধি কৰক, য’ত তেওঁলোকৰ শাৰীৰিক শ্ৰম হয়৷

Let The Children Play: Research On The Importance Of Play, Digested – Research Digest


(৪) খোৱাৰ সময়ত অত্যধিক গহীন বা স্ত্ৰেচযুক্ত কথা শিশুৰ আগত উলিয়াব নালাগে৷ ই শিশুৰ ভোক কমোৱাত অৰিহণা যোগায়৷

Premium Photo | Eating cake at dining table at home


(৫) বহুতো শিশুৱে আধাতে খাবলৈ এৰি দিয়ে, কিয়নো তেওঁলোকৰ ইমান ভোক নালাগে৷ সেয়েহে প্ৰতি দুঘণ্টাৰ মূৰে মূৰে তেওঁলোকক সুষম খাদ্য খাবলৈ দিব লাগে৷


(৬) আপোনাৰ সন্তানটিক সন্ধ্যা লোনৰ সৈতে আদা পিচি খুৱাওক৷ ই হজম প্ৰক্ৰিয়া উন্নত কৰি ভোক বৃদ্ধি হোৱাত সহায় কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here