ঘৰতে তৈয়াৰ কৰক গ্লিচাৰিন || Prepare glycerine at home

0
726

শীতৰ দিন মানেই শুকান ছালৰ সমস্যা৷ এই শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে বহুতেই গ্লিচাৰিন ব্যৱহাৰ কৰে৷ গ্লিচাৰিনে ছালখন হাইড্ৰেট কৰি ৰখাৰ লগতে ছালৰ শুষ্ক ভাব আঁতৰ কৰি মসৃণতা প্ৰদান কৰে৷ ইয়াক হাত, ভৰি, মুখ তথা শৰীৰৰ সকলো অংগতে ব্যৱহাৰ কৰিব পাৰি৷ সেয়েহে বহুতেই বিশেষকৈ শীতৰ দিনকেইটাত বজাৰত সহজতে উপলব্ধ গ্লিচাৰিন ক্ৰয় কৰি আনে৷ পিছে এনেধৰণৰ গ্লিচাৰিনসমূহ কেমিকেলযুক্ত হোৱাৰ বাবে ছালৰ বাবে উপযোগী নহ’বও পাৰে৷ সেয়েহে আজি আমি লৈ আহিছোঁ এনেকুৱা এক পদ্ধতি, যাৰ সহায়ত আপুনি ঘৰতে গ্লিচাৰিন তৈয়াৰ কৰি ল’ব পাৰে৷

DIY Glycerin || How to make Glycerin at home|| Homemade glycerin - YouTube

ইয়াৰ বাবে আপুনি এটা চচ্‌পেনত একাপ নাৰিকল তেল আৰু অলিভ অইল একেলগে মিশ্ৰণ কৰি কম জুইত গৰম হ’বলৈ দিয়ক৷ ইয়াৰ পাছতেই তাত এচামুচ লাই (lye) আৰু একাপ পানী তাত মিশ্ৰণ কৰি দিয়ক৷ এই মিশ্ৰণখিনি কমেও ১৫ মিনিটলৈ উতলিবলৈ দি লাহে লাহে লৰাই থাকক, যেতিয়ালৈকে এই মিশ্ৰণটো ডাঠ হৈ নাযায়৷ যেতিয়াই ই অলপ ডাঠ হ’বলৈ আৰম্ভ কৰিব তেতিয়া তাত আধা কাপ নিমখ মিশ্ৰণ কৰি দিয়ক৷ তাৰ পাছত মিশ্ৰণটো ঠাণ্ডা হ’বলৈ দিব৷ এনেদৰে তৈয়াৰ হোৱা গ্লিচাৰিন ফ্ৰিজত ৰাখি ৩-৪ সপ্তাহলৈ ব্যৱহাৰ কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here