কলডিলৰ এনে কি আছে অনন্য গুণ || What special properties does Banana flower have?

0
449

কলগছৰ প্ৰতিটো অংশই আমি ব্যৱহাৰ কৰোঁ৷ ইয়াৰ গা-গছ, পাত, কলডিল, ফল, কাণ্ড সকলোবোৰে আমাৰ স্বাস্থ্যৰ বাবে উত্তম আৰু কাৰ্যকৰীৰূপে কাম কৰে৷ পুষ্টিৰূপে পোৱা মূল কথাটো হ’ল ইয়াত যথেষ্ট পৰিমাণে আইৰন, আঁহ, প্ৰ’টিন, পটেচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ভিটামিন-E, ফচফৰাছ আদি থাকে৷ সাধাৰণতে কলডিল ভাজি খাব পাৰি৷ আয়ুৰ্বেদ মতে বহুতো মাৰাত্মক ৰোগ নিৰাময়ৰ বাবে কলডিল ব্যৱহাৰ হৈ আহিছে৷ কলডিলক ছাল বা চুলিৰ যত্নতো ব্যৱহাৰ কৰিব পাৰি৷ জানো আহক কলডিলৰ গুণাগুণসমূহ৷

Banana blossom at Rs 35/unit | Banana Flower | ID: 22909583388

(১) ডায়েবেটিছ ৰোগীৰ বাবে কলডিল এবিধ উত্তম পথ্য৷ নিয়মিতৰূপে কলডিল খালে ডায়েবেটিছ ৰোগীৰ ইনছুলিনৰ স্তৰ কমোৱাত সহায়ক হয়৷


(২) কলডিলত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়, যাৰ বাবে কৰ্কট, আলঝেইমাৰ, পাৰ্কিনশ্যন আদি বেমাৰ নিৰাময় কৰাত সহায় কৰে৷


(৩) আনকি কলডিলে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেম কৰাত অৰিহণা যোগায়৷


(৪) শৰীৰৰ ৰক্তক্ষৰণ নিয়ন্ত্ৰণ কৰাত কলডিলে সহায় কৰে, কিয়নো কলডিল খোৱাৰ ফলত প্ৰজেষ্টেৰনৰ গঠন বৃদ্ধি হয়৷


(৫) কলডিলত যথেষ্ট ফাইবাৰ থাকে বাবে খাদ্য হজম প্ৰক্ৰিয়া সহজ কৰি তোলে৷ সেয়েহে কলডিল খালে সহজে খাদ্য হজম হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here