শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ৰাইজলৈ আহ্বান

0
1557

শাৰদীয় দুৰ্গা পূজাৰ আজি ষষ্ঠী৷ যিহেতু কৰ’নাৰ সংক্ৰমণে দেশৰ জনগণক সন্ত্ৰস্ত কৰি তুলিছে, সেয়ে বিগত বছৰবোৰৰ দৰে এইবাৰ পূজাৰ মাদকতা তেনেকৈ নাথাকিব। বহুখিনি নীতি-নিৰ্দেশনা মানি পালন কৰিব লাগিব দুৰ্গা পূজা৷ পূজাৰ প্ৰাক্‌ক্ষণত দেশৰ নাগৰিকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশেষ আহ্বান জনাইছে৷ তেওঁ কয়– ” উৎসৱৰ বতৰত বজাৰবোৰলৈ ব্যস্ততাৰ পৰিৱেশ ঘূৰি আহিছে৷ সমগ্ৰ দেশতে লকডাউন অন্ত পৰিছে যদিও কৰ’না ভাইৰাছ আঁতৰা নাই– এই কথাটো আমি পাহৰি যোৱা উচিত নহয়৷ বিগত সাত-আঠমাহত প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰয়াসৰ ফলত ভাৰত যি সুস্থিৰ অৱস্থালৈ ঘূৰি আহিছে, তাক আমি বিঘ্নিত হ’বলৈ দিব নালাগে৷” দুৰ্গা পূজাৰ সময়তো কিছুমান সাৱধানতা কঠোৰভাৱে পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে৷ পূজাস্থলীত আমি কমেও দুই গজৰ সামাজিক দূৰত্ব মানি চলিব লাগিব৷ সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ পূজা সমিতিসমূহে পূজাস্থলীত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো নিতান্তই আৱশ্যক৷ সকলোৱে চাবোনেৰে হাত ধোৱাটো প্ৰয়োজনীয়৷ অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰিবলৈও দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here