ব্ৰুক’লিৰ উপকাৰিতা

0
1975

আজিকালি বজাৰত প্ৰায়ে দেখিবলৈ পোৱা এবিধ পাচলি হৈছে ব্ৰুক’লি৷ ইয়াক দেখিবলৈ ফুলকবিৰ দৰে যদিও ইয়াৰ বৰণ সেউজীয়া তথা বেঙুনীয়া বৰণৰ৷ এইবিধ পাচলিত আমি সচৰাচৰ খোৱা ফুলকবিতকৈ যথেষ্ট পৰিমাণৰ লাগতিয়াল উপাদান থাকে৷ ইয়াত কাৰ্বহাইড্ৰেট, প্ৰ’টিন, কেলচিয়াম, আইৰন, ভিটামিন এ, ভিটামিন চি, ভিটামিন কে আৰু ভিটামিন বি১, ভিটামিন বি২, ভিটামিন বি৩ আৰু ভিটামিন বি৬ পোৱা যায়৷ ইয়াৰ লগতে জিংক, পটেছিয়াম, মেগনেচিয়াম, ফলেট আদি পুষ্টিকৰ উপাদানো ব্ৰুক’লিত পোৱা যায়৷ ইয়াত থকা প্ৰতিবিধ উপাদানে মানৱ শৰীৰত বিভিন্ন প্ৰকাৰে কাৰ্য সম্পাদন কৰে। ব্ৰুক’লিত থকা পটেছিয়ামে শৰীৰত কলেষ্টৰেল বৃদ্ধিত বাধা দিয়ে৷ ব্ৰুক’লিত আঁহ আৰু প্ৰ’টিন অধিক মাত্ৰাত মজুত থকাৰ বাবে ইয়াক খালে শৰীৰটো অধিক সময় কাৰ্যক্ষম হৈ থাকে৷ ব্ৰুক’লি খালে হজম শক্তি ঠিকে থাকে৷ ব্ৰুক’লিত থকা আইৰনে দেহৰ ৰক্তহীনতা ৰোগ দূৰ কৰে৷ গৰ্ভৱতী মহিলাৰ বাবে উত্তম পাচলি হৈছে ব্ৰুক’লি৷ ব্ৰুক’লিত থকা কেলচিয়ামে শৰীৰৰ হাড়সমূহ মজবুত কৰি ৰাখে৷ ব্ৰুক’লিত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি থকা বাবে শৰীৰক বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে, লগতে শৰীৰটোৰ সুন্দৰ কৰি ৰাখে৷ আমাৰ মুখত পৰা বলিৰেখাৰ চাপ ব্ৰুক’লিয়ে নিৰাময় কৰে৷ আনহাতে ব্ৰুক’লি খালে হূদপিণ্ডৰ ধমনী সুস্থ কৰি ৰাখে, ই ডায়েবেটিছৰ স্তৰো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে৷ সেয়ে পৰ্যাপ্ত পৰিমাণে ব্ৰুক’লি আমাৰ খাদ্য তালিকাত ৰখাটো অতিকে দৰকাৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here