মুখৰ ঘা কেনেদৰে নিৰাময় কৰিব? How to get rid of ulcers of the mouth?

0
1223
মুখৰ ঘা বা মাউথ আলচাৰ যিজনৰ হয়, সেইজনেহে ইয়াৰ অস্বস্তিকৰ যন্ত্ৰণাৰ কথা অনুভৱ কৰে৷ সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে এই সমস্যাত ভোগে৷ আৰম্ভণিতে মুখৰ ভিতৰত এটা টেমুনা হয়৷ তাৰ পাছত সেই ঠাইখিনি ৰঙা হৈ পৰে আৰু ভিতৰভাগ বগা হয়৷ এইদৰে ঘা হোৱাৰ ফলত অত্যন্ত বিষ অনুভৱ হয়৷ খোৱা-বোৱাত যথেষ্ট কষ্ট হয়৷ দাঁত ব্ৰাছ কৰোঁতে তেজপৰ্যন্ত ওলাব পাৰে৷ বিশেষজ্ঞই জনোৱা মতে মুখৰ ঘা হোৱাৰ আঁৰত পেটৰ সমস্যা, গেছৰ সমস্যা, ডিহাইড্ৰেশ্যন, ভিটামিনৰ অভাৱ, মুখত কামোৰ খোৱা আদি নানা অভ্যন্তৰীণ কাৰণ থাকে৷ মুখৰ ঘা নোহোৱা কৰিবলৈ কিছু ঘৰুৱাভাৱে খাদ্য গ্ৰহণ কৰিলে ই নিৰাময় হয়৷ জানো আহক কিদৰে মুখৰ ঘা নিৰাময় কৰিব৷
What is Mouth Ulcer? Causes, symptoms, and home remedies - Sentinelassam

(১) মুখৰ ঘা নিৰাময়ৰ বাবে মৌ হ’ব পাৰে প্ৰধান হাথিয়াৰ৷ মৌৰ এণ্টিবেক্টেৰিয়েল গুণ থাকে, যাৰ বাবে মুখৰ ঘাৰ বাবে মৌ কাৰ্যকৰী৷


(২) নাৰিকল তেল এণ্টিইনফ্লেমেটৰি গুণেৰে সমৃদ্ধ৷ আপুনি দিনে ৩-চ্ছ্ৰ বাৰ মুখৰ ঘাত লগালে ঘা নিৰাময় হয়৷


(৩) মুখৰ ঘা হ’লে তুলসীৰ পাতৰ ৰস উলিয়াই লগাব পাৰে৷ ই ঘাডোখৰ বীজাণুৰ পৰা মুক্ত কৰাৰ লগতে ঘা শুকুৱাত সহায় কৰে৷


(8) প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট, এণ্টিবেক্টেৰিয়েল, এণ্টিইনফ্লেমেটৰি গুণেৰে সমৃদ্ধ আমলখি মুখৰ ঘা নিৰাময়ৰ বাবে অতি উত্তম৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here