মাস্ক নিপিন্ধিলে অভিনৱ শাস্তি !

0
1918

৮ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ ক’ৰোনা সংক্ৰমণ প্ৰতিহত কৰিবলৈ এতিয়াও কোনো ছিটা উদ্ভাৱন হোৱা নাই। সেয়েহে মাস্কখনৰ গুৰুত্ব অপৰিসীম আৰু বিস্তৃত। কেন্দ্ৰীয় আৰু প্ৰতি ৰাজ্যৰ ৰাজ্যিক চৰকাৰে ক’ৰোনাৰ  প্ৰতিৰোধমূলক ব্যৱস্থাৰ তীব্ৰতৰ কৰাত জোৰ দিছে। অসম চৰকাৰেও ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো আইনগতভাৱে বাধ্যতামূলক কৰিছে আৰু মাস্ক নিপিন্ধা লোকৰ ওপৰত ৫০০ টকাৰ “ফাইন” আৰোপ কৰিছে। এবাৰতকৈ বেছি একেটা ভুলকে কৰাটো আৰক্ষী-প্ৰশাসনৰ দৃষ্টিগোচৰ হ’লে ১০০০ টকা পৰ্যন্ত ফাইন হ’ব পাৰে।

আমাৰ দেশ বা আমাৰ ৰাজ্যত এনে নিয়মৰ লেখীয়া মাস্ক নিপিন্ধা লোকৰ ওপৰত এক বিশেষ ফাইন আৰোপ কৰাৰ আইন কৰিছে ইন্দোনেছিয়া চৰকাৰে। সামাজিক স্থানত মাস্ক নিপিন্ধা লোকে উন্মুক্ত ক’ফিনৰ ভিতৰত শুই ১ ৰ পৰা ১০০ লৈ ১ মিনিট সময় একাদিক্ৰমে গণিব লাগিব—এনে নিয়ম কৰিছে ইন্দোনেছিয়া চৰকাৰে। ইন্দোনেছিয়া চৰকাৰৰ এই কঠোৰ আৰু অভিনৱ নিয়মে এতিয়া চৰ্চা লাভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here