মানুহে নুবুজে, নিপিন্ধে মাস্ক। অসমতো কৰিব লগা হব নেকি ইটালীৰ দৰে কোডিং কোভিড চিকিৎসা?

0
3409

৩ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ আজি কেইদিনমান আগতে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে যে ৰাজ্যত পুনৰ ল’কডাউনৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। লগে লগে সামাজিক প্ৰচাৰ মাধ্যমত একাংশই হুৱা-দুৱা লগালে আৰু ৰাজ্য প্ৰশাসনক সমালোচনাৰে থকাসৰকা কৰিলে। বাৰে বাৰে দি থকা ল’কডাউনে ৰাজ্যৰ অৰ্থনৈতিক বিপৰ্যয় ঘটাব আৰু মানুহ ক’ৰোনাতকৈ খাব নাপাইহে বেছি মৰিব বুলি ফেচবুক, টুইটাৰ আদিত পোষ্ট লিখা হ’ল। ক’ৰোনা এখন নাটকহে,  আৰু বানপানীত ক’ৰোনাতকৈ বেছি মানুহ ঢুকাইছে বুলি একাংশ চ’ছিয়েল মিডিয়া বিশেষজ্ঞই স্বাস্থ্যমন্ত্ৰীক ইতিকিং কৰাও পৰিলক্ষিত হয়। কেতবোৰ ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসক ও স্বাস্থ্যকৰ্মীয়ে ক’ৰোনা ৰোগীসকলৰ মানসিক স্বাস্থ্য অটুট ৰখাৰ উদ্দেশ্যে কৰা গীত-নৃত্যক লৈ কিছুমানে ক’ভিড কেন্দ্ৰ মনোৰঞ্জনথলীহে বুলিও বিদ্ৰূপ কৰিছিল। অৱশ্যে সেই সময়ো বেলেগ আছিল, পৰিস্থিতিও বেলেগ আছিল। কিন্তু সেই সময়তেই ৰাজ্য প্ৰশাসনে, বিশেষতঃ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনাগত দুৰ্দিনৰ সাম্ভাৱ্য প্ৰতিবন্ধকতাক উপলব্ধি কৰি যুদ্ধকালীন তৎপৰতাৰে ৰে’ল আৰু বাছ আস্থানৰ লগতে বিমান বন্দৰ আদিত ক’ভিড চিনাক্তকৰন কেন্দ্ৰ স্থাপন, ক’ভিড যতন কেন্দ্ৰ স্থাপন আৰু ক’ভিড চিকিৎসালয় নিৰ্মান কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডক কম সময়ৰ ভিতৰতেই ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে যঠোপযুক্ত কৰি গঢ়ি তুলিলে। চিকিৎসকসকলক প্ৰশংসাৰে ওপচাই তেওঁলোকক মানসিক উত্তৰণৰ যোগেদি ক’ভিডকৃত সাম্ভাৱ্য পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সাজু হোৱাৰ বাবে আহ্বান জনালে। বিনামূলীয়া অহা-যোৱা, থকা, খোৱা-লোৱা; বিনামূলীয়া ক’ভিড পৰীক্ষা; চিকিৎসালয়ত থকা সময়ৰ তেল-চাবোনৰ পৰা আৰম্ভ কৰি ঘৰত থকা পৰিয়ালৰ লোকৰ বাবে ২০০০ টকাৰ সমমূল্যৰ ৰেচন যোগান আদিৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ ছয় মাহলৈ বিনামূলীয়া ৰেচন যোগান আচনিৰ ৰূপায়ণ আদিৰে অসমে ক’ভিডৰ বিৰুদ্ধে যুঁজ দি আছে। আজি ক’ভিড পৰীক্ষাৰ ক্ষেত্ৰত অসমে অভিলেখ স্থাপন কৰি ৰাষ্ট্ৰৰ আটাইতকৈ উন্নত ৰাজ্যসমূহকো চেৰ পেলাইছে। ইয়ে ৰোগীৰ প্ৰাৰম্ভিক চিনাক্তকৰণক ত্বৰান্বিত কৰি “ক্ৰিটিকেল” ৰোগীৰ সংখ্যা কমোৱাত সহায় কৰিছে।

অৰ্থনৈতিক সুচলাৱস্থা অটুট ৰখাৰ উদ্দেশ্যে পৰিবেশ-পৰিস্থিতি বুজি সাপ্তাহিক ল’কডাউন দি সম্পূৰ্ণ ল’কডাউনৰ ক্ষেত্ৰত কিছু শিথিলতাও অনা হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে জনসাধাৰণে মাস্ক নিপিন্ধাকৈ, কোনো সামাজিক দুৰত্ব বজাই নৰখাকৈ বেপৰোৱাভাৱে অনাহকতে অপ্ৰয়োজনীয়ভাৱে ৰাষ্টাই-ঘাটে, বজাৰে-সমাৰে ওলাই আহি দূৰ্গা-পূজা, লক্ষী-পূজাসদৃশ পৰিবেশ এটাৰ সৃষ্টি কৰিছে।

ইয়াৰ ফল কি,  সকলোৱে দেখিছে। চৰকাৰী চিকিৎসালয় ক’ভিড ৰোগীৰে পৰিপূৰ্ণ। আজি গুৱাহাটীৰ কোনো এখন নাৰ্ছিং হোমতেই সম্ভাৱত আই চি ইউ বিচনা খালী নাই। ৰাজ্যত কৃত্ৰিম অক্সিজেনৰ ভয়াবহ নাটনি। পৰিস্থিতি অতিকে ভয়াবহ। মাৰ্চ মাহত আৰম্ভ কৰা ক’ৰোনা যুদ্ধখন যিসকলে নাটক বুলি ভাবিছিল, যিসকলে ভাবিছিল যে নিৰ্বাচনী বতাহ অহাৰ লগে লগে নাটক শেষ হ’বৰো হ’ল চাগে, যিসকলে ক’ৰোনা ১০০০ কোটিৰ ভেকোভাওঁ‌না মাত্ৰ বুলি উপহাস-অট্টহাস্য কৰিছিল সেইসকলক আমি কওঁ যে যুদ্ধ শেষ হোৱা নাই, আৰম্ভহে হৈছে। ৰাজ্যত এতিয়া লক্ষণযুক্ত আৰু সংকতপূৰ্ণ ৰোগীৰে চৰকাৰী-বেচৰকাৰী চিকিৎসালয় ভৰ্তি হৈ পৰিছে। আপুনি-মই-আমি সকলোৱে নিজে সচেতন নহ’লে পৰিস্থিতি কোন দিশে ঢাল খায়, সেয়া ঠিকনা নাই। আমি সচেতন নহ’লে ক্ৰিটিকেল ৰোগীৰ সংখ্যাই চৰম সীমা চুলে ইটালীৰ দৰে ক’ডিং কৰি আমাৰ ৰাজ্যতো ক’ৰোনা ৰোগী চিকিৎসা কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here