মদ্যপানত আমি কিমান নম্বৰত আছো?

0
5523

৪ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ আপুনি হয়তো চিন্তা কৰিছে যে মদ খোৱাৰো কিবা নাম্বাৰিং আছে নেকি! হয়, আছে। ইয়াৰ লগত সংলগ্ন আছে ক’ৰোনা আখ্যানৰ।  ক’ৰোনা মহামাৰীৰ সংক্ৰমণৰ লগে লগে আমাৰ দেশ ভাৰতত প্ৰধানমন্ত্ৰীৰ আহ্বানমৰ্মে ২৫ মাৰ্চৰ পৰা ল’কডাউন আৰম্ভ  হৈছিল। লগে লগেই স্বাভাৱিকভাৱেই বন্ধ হৈ পৰিছিল সকলো দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী সকলো অনুস্থান-প্ৰতিস্থান। বন্ধ হৈ পৰিছিল বাৰ আৰু মদৰ অন্যান্য দোকানসমূহো। অস্বাভাৱিকভাৱে হ্ৰাস পাইছিল চৰকাৰৰ আৱকাৰী শুল্ক। এক যেন অনাহুত অৰ্থনৈতিক বিপৰ্যয় আৰম্ভ।

ক’ৰোনা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আন্তঃগাঠনিৰ উন্নয়নৰ জৰিয়তে পৰিস্থিতি চম্ভালিবলৈ পাৰগ হোৱাৰ লগে লগে আৰু অৰ্থনৈতিক শ্ৰীবৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি লাহে লাহে ল’কডাউন শিথিলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিলে। পৰ্যায়ক্ৰমে খোল খালে মদৰ দোকানসমূহ। তেতিয়াই যেন আৰম্ভ হ’ল মদ্যপানৰ নাম্বাৰিংৰ প্ৰতিযোগিতা! কোনে কিমান খাব পাৰিব! কোনে মদ খোৱা প্ৰতিযোগিতাত শীৰ্ষত থাকিব পাৰিব, তাৰেই যেন প্ৰতিযোগিতা!!

এক ৰাষ্ট্ৰীয় সমীক্ষা অনুসৰি ল’কডাউন খোলাৰ পিছত এতিয়ালৈ  ভাৰতবৰ্ষত ৬,০০,০০,০০০ লিটাৰ মদ বিক্ৰী হৈছে। অসমত এই পৰিমান ১,৬০,০০,০০০ লিটাৰ। সমীক্ষাটো মতে আমাৰ দেশৰ ৮৮% মামুহেই জীবনত এবাৰলৈ হ’লেও মদ খাইছে। ১৮ বছৰৰ তলৰ ১৮% ই এবাৰলৈ হ’লেও মুখত মদ দি পাইছে।

ল’কডাউনৰ পিছত আচৰ্যজনকভাৱে বৃদ্ধি পোৱা মদ সেৱনৰ এই অসুস্থ প্ৰতিযোগিতাত বহু লোকে মানসিক অস্থিৰতাত ভুগিব লগা হৈছে। ইতিমধ্যে দক্ষিণ ভাৰতৰ ৰাজ্য কিছুমান, যেনে-কৰ্ণাটক আদিত মানসিক ৰোগীৰে চৰকাৰী চাইক’লোজী ৱাৰ্ড ভৰি পৰিছে। ইয়েই ক’ৰোনাৰ লগতে তেনে ৰাজ্যৰ চৰকাৰৰ অন্য এক মূৰৰ কামোৰণি হৈ পৰিছে।

ল’কডাউনৰ পিছত মদ্যপানৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ চতুৰ্থ স্থানত থকা অসমত এঞ্জাইটি নিউৰোচিছ, এঞ্জাইটি চাইকোচিছ আদি সমস্যাত যুৱ প্ৰজন্ম ভুগিব লাগিলে, সমস্যা অতি গুৰুতৰ হ’ব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here