জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ এবেৰ পদত্যাগ

0
1961

স্বাস্থ্যজনিত কাৰণত স্বদেশ শাসনৰ শ্ৰেষ্ঠ সিদ্ধান্ত ল’বলৈ অসমৰ্থ অনুভৱ কৰা বাবে জাপানৰ প্ৰধানমন্ত্ৰী পদৰ পৰা ৬৫ বছৰীয়া প্ৰধানমন্ত্ৰী শ্বিনজ’ এবেই পদত্যাগ কৰে। এবেনোমেকোজ আছিল তেওঁৰ উল্লেখ্যযোগ্য পদক্ষেপ । জাপানক বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাত শ্বিনজ’ৰ অৱদান আছিল অপৰিসীম। উল্লেখ্য যে শ্বিনজ’ আছিল সৰ্বাধিক সময় শাসন কৰা জাপানৰ প্ৰধানমন্ত্ৰী। তেওঁ‌ ২০০৭ চনতো এবাৰ পদত্যাগ কৰিছিল। সংবাদমেল সম্বোধন কৰি তেওঁ‌ কয় যে ক’ৰোনাৰ কাৰণে দেশৰ অৰ্থনীতি এনেই তথৈবচ, তাতে আকৌ তেওঁ‌ৰ ভগ্ন স্বাস্থ্যৰ বাবে চৰকাৰী কাম-কাজ লেহেমীয়া হৈ গ’লে, জাপান আকৌ পিছপৰি ৰ’বলগা হ’ব। সেয়েহে তেওঁ‌ পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here