দৈনিক ১ হাজাৰ টন অক্সিজেনৰ নিৰ্গমণ ইউৰোপাত

0
55


পৃথিৱীৰ বাহিৰত অক্সিজেন থকাৰ অৰ্থ হ’ল সেই স্থানত ভৱিষ্যতে জীৱৰ সন্ধান পোৱাৰ সম্ভাৱনা থকাটো৷ আমাৰ সৌৰজগতত এটা উপগ্ৰহত জীৱ থকাৰ সম্ভাৱনা অধিক উজ্জ্বল হৈ পৰিছে৷ এই উপগ্ৰহটো হ’ল বৃহস্পতিৰ ইউৰোপা৷ ইউৰোপাত দৈনিক ইমান অক্সিজেন উৎপাদন হয় যে প্ৰায় দহ লাখ লোকে অনায়াসে উশাহ ল’ব পাৰিব৷ নেচাৰ এষ্ট্ৰনমীত প্ৰকাশ পোৱা এটা অধ্যয়নৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷ ইয়াত উল্লেখ কৰা অনুসৰি উপগ্ৰহটোত দৈনিক প্ৰায় ৰ,০০০ টন অক্সিজেন গেছ উৎপাদন হয়৷ ইমানখিনি অক্সিজেন ১০ লাখ লোকে ২৪ ঘণ্টা উশাহ লোৱাৰ কাৰণে পৰ্যাপ্ত৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ জুনো নামৰ যানখনে দিয়া তথ্যৰ পৰা এই কথা কোৱা হৈছে৷ জুনোৱে বৃহস্পতিৰ লগতে ইয়াৰ উপগ্ৰহসমূহৰ সম্পৰ্কত তথ্য আহৰণ কৰি আছে৷ ইয়াত থকা ডে ডি ই নামৰ সঁজুলিৰ জৰিয়তে বিজ্ঞানীসকলে এই অধ্যয়নটো কৰিছিল৷ এই যানখনে ২২ চনত জুনোৰ একেবাৰে কাষেৰে পাৰ হৈছিল আৰু তেতিয়া প্ৰেৰণ কৰা তথ্য বিশ্লেষণ কৰি বিজ্ঞানীসকলে এতিয়া এই কথা জানিব পাৰে৷ উল্লেখ্য যে ইয়াৰ আগতে বিজ্ঞানীসকলে এই বুলি অনুমান কৰিছিল যে জুনোত প্ৰতি ছেকেণ্ডত ২ হাজাৰ পাউণ্ড অক্সিজেন উৎপাদন হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here