ব্যায়াম কৰাৰ পাছত আপুনি কি খাব?

0
765
আজিকালি প্ৰায়ভাগ লোকে নিজকে সুস্থ কৰি ৰাখিবলৈ জিমলৈ গৈ ব্যায়াম কৰাটো পচন্দ কৰে৷ সঠিকভাৱে ব্যায়াম কৰিলে শৰীৰ স্বাস্থ্যৱান হৈ থাকে আৰু লগতে বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি৷ কথা হ’ল ব্যায়াম কৰাৰ আগত আৰু পাছত কি খোৱা উচিত, সেয়া জনাটোও আপোনাৰ বাবে গুৰুত্বপূৰ্ণ কথা৷ যিয়ে শৰীৰটোক সুস্থ আৰু শক্তিশালী কৰি ৰখাত সহায় কৰিব৷ ব্যায়াম কৰাৰ পাছত কি কি প্ৰয়োজনীয় খাদ্য খাব জানো আহক৷

[১] ব্যায়াম কৰাৰ পাছত পাচলিৰ সৈতে তৈয়াৰী অমলেট খাব লাগে৷ কণী হৈছে প্ৰ’টিনৰ এক উত্তম উৎস৷ কণীয়ে শৰীৰৰ পেশীৰ বিকাশত সহায় কৰে লগতে হাড় শক্তিশালী কৰে৷ কণী এবিধ পুষ্টিৰে সমৃদ্ধ খাদ্য৷

Veggie Stuffed Omelet Recipe - BettyCrocker.com


[২] যদি আপুনি প্ৰতিদিনে জিমলৈ যায়, তেন্তে আপোনাৰ খাদ্যত শুকান ফল অন্তৰ্ভুক্ত কৰক৷ ব্যায়াম কৰাৰ পাছত বাদাম, কিচমিচ আদি শুকান ফল নিয়মিতভাৱে খাওক৷

Is eating dry fruits good before a workout? - Quora


[৩] ব্যায়াম কৰাৰ সময়ত আপোনাৰ শৰীৰৰ পৰা যথেষ্ট পানী ওলাই যায় আৰু শৰীৰত পানীৰ পৰিমাণ হ্ৰাস পায়৷ সেয়েহে ব্যায়াম কৰাৰ আধা ঘণ্টাৰ পাছত এই পানীৰ অভাৱ পূৰণ কৰিবলৈ যথেষ্ট পৰিমাণে পানী খাওক৷ পানীয়ে শৰীৰক পুনৰুজ্জীৱিত কৰাত সহায় কৰে আৰু শৰীৰক শক্তিৰ যোগান ধৰিব৷

Beautiful girl in sport clothes drinking water after workout in the gym. ⬇ Video by © polly_belyaeva Stock Footage #158602026


[৪] জিমত যোৱা লোকসকলে বগা চাউলৰ সলনি ব্ৰাউন ৰাইচ ব্যৱহাৰ কৰিব লাগে৷ ব্ৰাউন ৰাইচ হৈছে এণ্টিঅক্সিডেণ্টৰ উৎস, লগতে ইয়াত উচ্ছ পৰিমাণৰ আঁহ থাকে৷ ইয়ে বিপাক ক্ৰিয়া উন্নত কৰাৰ লগতে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷

How to Cook Brown Rice


[৫] চেণ্ডউইচত কম কেলৰি আৰু যথেষ্ট পৰিমাণে প্ৰ’টিন পোৱা যায়৷ চেণ্ডউইচ স্বাস্থ্যৰ বাবে অতি আৱশ্যক৷ সেয়ে জিমৰ পৰা আহি চেণ্ডউইচ খোৱাটো দৰকাৰী৷ ইয়াৰ উপৰি এভোকাডো, চেৰি আদিও পৰ্যাপ্ত পৰিমাণে খাব লাগে৷ যিহেতু এইবোৰ খাদ্য প্ৰটিনেৰে ভৰপূৰ৷

The Art of the Southern Kitchen Sink Sandwich | Southern Living

LEAVE A REPLY

Please enter your comment!
Please enter your name here