বৃহস্পতিতকৈও ডাঙৰ গ্ৰহৰ আৱিষ্কাৰ ! Planet larger than Jupiter discovered

0
814
আহমেদাবাদৰ ফিজিকেল ৰিছাৰ্চ লেবৰেটৰি চমুকৈ PRL-ৰ বিজ্ঞানীসকলৰ এটা দলে সৌৰজগতৰ বাহিৰত বৃহস্পতিতকৈও ডাঙৰ গ্ৰহ এটা আৱিষ্কাৰ কৰিছে৷ PRL-ৰ ‘এগ্‌জ’প্লেনেট ছাৰ্চ এণ্ড ষ্টাডি গ্ৰুপ’ৰ বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা এই নতুন গ্ৰহটোৰ ভৰ সূৰ্যৰ ভৰতকৈ ১.৫ গুণ বেছি আৰু পৰিৱৰ্তন হৈ সৃষ্টি হোৱা বা প্ৰাচীন তৰা এটাৰ খুব ওচৰেৰে প্ৰদক্ষিণ কৰি আছে৷ ভাৰতীয় মহাকাশ গৱেষণা সংগঠন চমুকৈ ইছৰ’ই এই কথা কয়৷ মাউণ্ট আবুত থকা পি আৰ এলৰ ১.২ মিটাৰ টেলিস্কোপৰ সহায়ত এডভাঞ্চ্‌ড ৰেডিয়েন্স-ভেলচিটি আবু-স্কাই ছাৰ্চ (পাৰছ) অপ্টিকেল ফাইবাৰ স্পেক্টগ্ৰাফ ব্যৱহাৰ কৰি এই আৱিষ্কাৰ কৰা হয়৷ বেংগালুৰুত মুখ্য কাৰ্যালয় থকা ইছৰ’ই এটা বিবৃতিত কয় যে সৌৰজগতৰ বাহিৰৰ এই নতুন গ্ৰহটো বৃহস্পতিতকৈ প্ৰায় ১.৪ গুণ বেছি ডাঙৰ আৰু ভৰ ৭০ শতাংশ বেছি৷ এই জোখবোৰ লোৱা হৈছিল ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ মাৰ্চৰ ভিতৰত৷ PRL-ৰ বিজ্ঞানীসকলৰ দলটোৰ নেতৃত্বত আছিল অধ্যাপক অভিজিত চক্ৰৱৰ্তী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here