দহ কোটি টকাৰ হেৰ’ইন জব্দ: ক’ত? Heroin worth Rs 10 crore seized. Where?

0
715

এক গোপন খবৰৰ ভিত্তিত বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস আৰু বোকাজান আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী বিষয়া মণিকান্ত চমুৱাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে যোৱা ১৭ নৱেম্বৰৰ অসম-নগালেণ্ড সীমান্তৰ মাটিপুল অঞ্চলত তাৎক্ষণিক নাকা তালাচী স্থাপন কৰি ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযানত এখন স্কুটিৰ ডিকিৰ পৰা এটা মোনাত ১৫০টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে দুই ড্ৰাগ্‌ছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালডুবিৰ জীৱন তাছাৰ পুত্ৰ বিমল তাছা আৰু আনটো হৈছে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাবাৰী পাটিকবাৰী গাঁৱৰ প্ৰয়াত ছাইফুল ইছলামৰ পুত্ৰ ছাদ্দাম হুছেইন৷ আৰক্ষীয়ে নিষিদ্ধ হেৰ’ইনসহ দুই সৰবৰাহকাৰীক বোকাজান আৰক্ষী থানালৈ আনি থকা অৱস্থাতে আধা ৰাস্তাত ছাদ্দাম হুছেইন নামৰ ড্ৰাগ্‌ছ সৰবৰাহকাৰীটোৱে এজন আৰক্ষীৰ গাড়ীখনৰ পৰা জঁপিয়াই পলাবলৈ লওঁতেই আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহকাৰীটোৰ ভৰিলৈ লক্ষ্য কৰি দুইজাঁই গুলী চলায়৷ পাছত আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহকাৰীটোক প্ৰথমে বোকাজান সমূহীয়া চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাই উন্নত চিকিৎসাৰ বাবে ডিফু মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ১০ কোটি টকা হ’ব বুলি জানিবলৈ দিছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here