প্ৰদূষণৰ ফলত দিল্লীত অনিৰ্দিষ্টকাললৈ শিক্ষানুষ্ঠান বন্ধ || Pollution forces indefinite closure of educational institutions in Delhi

0
361

দিল্লীত প্ৰদূষণৰ মাত্ৰা বেছি হোৱাৰ কাৰণে দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে জনোৱা মতে দিল্লী চৰকাৰে স্কুল, কলেজ আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ ৰাখিবলৈ সিদ্ধান্ত লৈছে আৰু নিৰ্মাণ আৰু ধবংস কাৰ্যত আৰোপ কৰা নিষেধাজ্ঞা ২১ নৱেম্বৰলৈকে বৃদ্ধি কৰা হৈছে৷ দিল্লী চৰকাৰে লগতে ইয়াৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ঘৰৰ পৰা কাম কৰাৰ নীতি দেওবাৰলৈকে বৃদ্ধি কৰিছে৷ সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ পাছত এখন সংবাদমেলত ৰায়ে কয় যে ৰাজহুৱা পৰিবহণ ব্যৱস্থা শক্তিশালী কৰিবলৈ ১০০০খন বেচৰকাৰী চি এন জি বাছ ভাৰা কৰা হ’ব৷ এই প্ৰক্ৰিয়া আৰম্ভ হ’ব বৃহস্পতিবাৰে৷ তেওঁ কয় যে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্কুল, কলেজ, পুথিভঁৰাল, প্ৰশিক্ষণ কেন্দ্ৰসমূহ বন্ধ থাকিব,অন্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকবোৰৰ প্ৰৱেশো নিষিদ্ধ হ’ব ৷ তেওঁ কয় যে ১১টা শক্তি প্ৰকল্পৰ ভিতৰত ছটাৰ কাম-কাজ বন্ধ কৰা হ’ব৷ হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰিব বা ৰাজহুৱা পৰিবহণ ব্যৱহাৰ কৰিব৷ তেওঁ কয় যে বৰ্তমান কাম কৰি থকা ৩৭২খন টেংকাৰৰ উপৰি অগ্নিনিৰ্বাপক বাহিনীৰ বাহনবোৰেও দিল্লীৰ অতি প্ৰদূষিত ঠাইবোৰত পানী ছটিয়াব৷ ইফালে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিভিন্ন পদক্ষেপ লোৱা হৈছে বুলি আৰু কোনো কঠোৰ নিৰ্দেশ নিদিবলৈ উচ্চতম ন্যায়ালয়ক আহবান জনোৱাৰ পাছত মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বৰ এখন পীঠে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে ২৪ নৱেম্বৰ ধাৰ্য কৰে৷ মেহতাই কয় যে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহৰ বাবে হাৰিয়ানা, পঞ্জাব, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ মুখ্য সচিবসকলৰ এখন সভাত আলোচনা কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here