বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?

0
690


দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত সেউজ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি গোবৰেৰে প্ৰস্তুত কৰা গেছ ইন্ধনেৰে চালিত বাহন তৈয়াৰ কৰাৰ প্ৰস্তুতি চলাইছে৷ ইয়াৰ বাবে প্ৰথম অৱস্থাত কোম্পানীটোৱে ভাৰতৰ বজাৰত ছখনকৈ বৈদ্যুতিক বাহন মুকলিৰ পৰিকল্পনা কৰিছে৷ দেশবþ সৰ্ববৃহৎ মটৰ প্ৰস্তুত কৰা কোম্পানীটোৱে এই সন্দৰ্ভত জনায় যে বিভিন্ন দেশত চৰকাৰৰ নিৰ্ধাৰিত লক্ষ্যৰ ওপৰত ভিত্তি কৰি ২০৭০ চন পৰ্যন্ত কাৰ্বন নিউট্ৰিলিটিৰ হকে কাম সম্পাদন কৰিব৷ উল্লেখ্য যে ইতিমধ্যে গোবৰৰ পৰা জৈৱ প্ৰস্তুতৰ বাবে কোম্পানীটোৱে এছিয়াৰ সৰ্ববৃহৎ দুগ্ধজাত সামগ্ৰী নিৰ্মাতা বোনাছ ডেইৰীৰ সৈতে এক সহযোগিতা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here