জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?

0
111


জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে৷ ইয়াৰ বিপৰীতে আকৌ জনসংখ্যা বৃদ্ধিৰ হকে কিছু দেশে কৌশলী উপায় অৱলম্বন কৰাও দেখা গৈছে৷ হয়, কথাটো আচহুৱা নে লাগিলেও একেবাৰে সঁচা৷ বিভিন্ন সমীক্ষাৰ তথ্য মতে চীনৰ জনসংখ্যা বিগত বছৰত ক্ৰমে হ্ৰাস পাইছে৷ এই জনসংখ্যা হ্ৰাস পোৱাৰ বিষয়টোক লৈ দেশখনৰ চৰকাৰ উদ্বিগ্ন হৈ পৰিছে৷ শেহতীয়াভাৱে জনসংখ্যা হ্ৰাসৰ এই গতিত বাধা প্ৰদান কৰিবলৈ চীনা চৰকাৰে দেশত প্ৰৱৰ্তন হোৱা নিয়ম সলনি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উক্ত নিয়ম মতে অবিবাহিত প্ৰেমিক-প্ৰেমিকাক সন্তান ধাৰণৰ অনুমতি প্ৰদান কৰিছে চীন চৰকাৰে৷ জনসংখ্যা হ্ৰাসৰ পাছত চীনৰ চিজুৱান প্ৰদেশৰ প্ৰশাসনে পূৰ্বৰ নিয়ম সলনি কৰি অবিবাহিতসকলক সন্তান জন্ম দিবলৈ অনুমতি প্ৰদান কৰে৷ পূৰ্বৰ নিয়ম অনুসৰি এই প্ৰদেশত কেৱল বিবাহিত পুৰুষ তথা মবিলাসকলেহে সন্তান জন্ম দিয়াৰ অইধকাৰ আছিল৷ কিন্তু অভাৱনীয়ভাৱে সন্তান জন্মৰ হাৰ হ্ৰাস পোৱাৰ বাবে উক্ত নীতি সলনি কৰিবলৈ বাধ্য হয় চিজুৱান প্ৰশাসনে৷ আনহাতে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰদেশখনত জনসংখ্যা বৃদ্ধিৰ বাবে এই নতুন নীতি জাৰি হ’ব৷ আনহাতে প্ৰদেশখনৰ প্ৰশাসনে জনোৱা মতে বিবাহিতৰ দৰে অবিবাহিতসকলেও সকলো চৰকাৰী সা-সুবিধা লাভ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here