প্ৰদূষণে ৪০% ভাৰতীয়ৰ আয়ুস ৯ বছৰতকৈও বেছি কমাব

0
787
আমেৰিকাৰ এটা গৱেষণা গোটে প্ৰকাশ কৰা এখন প্ৰতিবেদনত কোৱা হৈছে যে বায়ু প্ৰদূষণে প্ৰায় ৪০ শতাংশ ভাৰতীয়ৰ আয়ুস ৯ বছৰতকৈও অধিক হ্ৰাস কৰিব পাৰে৷ ইউনিভাৰ্ছিটি অব্‌ চিকাগোৰ এনাৰ্জি পলিচি ইন্‌ষ্টিটিউট চমুকৈ EPIC-এ প্ৰস্তুত কৰা  প্ৰতিবেদনখনত কোৱা হৈছে যে মধ্য, পূব আৰু নতুন দিল্লীকে ধৰি উত্তৰ ভাৰতৰ এটা বিস্তীৰ্ণ অঞ্চলত বাস কৰা ৪৮ কোটিৰো অধিক লোক অতি উচ্চমাত্ৰাৰ প্ৰদূষণৰ কবলত পৰিছে৷ সময়ৰ লগে লগে বায়ু প্ৰদূষণ ভৌগোলিকভাৱে সম্প্ৰসাৰিত হৈছে৷ উদাহৰণস্বৰূপে মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত বায়ুৰ মান যথেষ্ট শোচনীয় হৈছে৷ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ ২০১৯ চনত আৰম্ভ কৰা ভাৰতৰ ৰাষ্ট্ৰীয় পৰিষ্কাৰ বায়ু কাৰ্যসূচীক চমুকৈ NCAPক প্ৰশংসা কৰি EPIC-ৰ প্ৰতিবেদনখনত কোৱা হৈছে যে এই কাৰ্যসূচীৰ ফলত দেশখনৰ লোকসকলৰ সামগ্ৰিক আয়ুস কাল ১.৭ বছৰ আৰু নতুন দিল্লীৰ বাসিন্দাসকলৰ আয়ুস কাল ৩.১ বছৰ বাঢ়িব৷ NCAP-য়ে দেশখনৰ ১০২খন অতি বেছি প্ৰদূষিত মহানগৰৰ প্ৰদূষণ ২০২৪ চনৰ ভিতৰত ২০%-৩০% হ্ৰাস কৰিবলৈ লক্ষ্য লৈছে৷ উল্লেখ্য যে ২০২০ চনলৈকে নতুন দিল্লীক একেলেথাৰিয়ে তৃতীয় বছৰৰ বাবে পৃথিৱীৰ ভিতৰত অতি প্ৰদূষিত ৰাজধানী হিচাপে চিহ্নিত কৰা হৈছিল৷ প্ৰতিবেদনখনত কোৱা হৈছে যে মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশত প্ৰদূষণৰ মাত্ৰা ইমান বাঢ়িছে যে ৰাজ্য দুখনত গড়ে একোজন লোকৰ আয়ুস অতিৰিক্ত ২.৫ বছৰৰ পৰা ২.৯ বছৰ কমিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here