প্ৰতিখন জিলাতে শিশুৰ বাবে হ’ব ইমাৰ্জেঞ্চি ব্লক: স্বাস্থ্য মন্ত্ৰী

0
1079
ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু জিলা হস্পিটেলত শিশুৰ বাবে পৃথক ইমাৰ্জেঞ্চি ব্লক খোলাৰ ব্যৱস্থা কৰা হৈছে৷ GMCHত ৬ জুনত ৰাইজৰ বাবে মুকলি হ’ল ২০০ বিছনাযুক্ত সম্প্ৰসাৰিত আই চি ইউ ব্লক৷ এই সম্প্ৰসাৰিত অংশত অসমৰ ভিতৰতে সৰ্ববৃহৎ লিকুইড মেডিকেল অক্সিজেন টেংক সংস্থাপন কৰা হৈছে৷ ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই এই কথা সদৰী কৰে৷ মন্ত্ৰীজনে কয় যে ৰাজ্যত কভিডত আক্ৰান্ত শিশুসকলৰ সু-চিকিৎসাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ কভিডৰ তৃতীয় ঢৌত শিশুসকল আক্ৰান্ত হোৱাৰ আশংকা সৰ্বাধিক থকাৰ বাবে এতিয়াৰ পৰাই অসম চৰকাৰ সষ্টম  বুলিও তেওঁ প্ৰকাশ কৰে৷ তেওঁ কয় যে কেৱল GMCHতে শিশুৰ বাবে ৩০০ বিছনাযুক্ত পৃথক জৰুৰীকালীন ব্লক স্থাপন কৰা হৈছে৷ এই ৩০০ বিছনাৰ ৫০খন আই চি ইউ বিছনা৷ ৰাজ্যৰ প্ৰতিখন চিকিৎসা মহাবিদ্যালয় আৰু জিলা হস্পিটেলতে এইদৰে শিশুৰ বাবে পৃথক ইমাৰ্জেঞ্চি ব্লক নিৰ্মাণ কৰাৰ পদক্ষেপ লোৱা হৈছে বুলিও তেওঁ সদৰী কৰে৷ লক্ষণীয় যে জি এম চি এইচৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা ২০০ আই চি ইউ বিছনাযুক্ত সম্প্ৰসাৰিত কভিড হস্পিটেলখন ৬ জুনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণৰ বাবে মুকলি কৰে৷ এই কভিড হস্পিটেলখনত আই চি ইউ, ভেণ্টিলেটৰ, মনিটৰ, অক্সিজেন আদি সকলো সা-সৰঞ্জাম সংযুক্ত কৰা হৈছে বুলিও তেওঁ সদৰী কৰে৷ আনকি এই চিকিৎসালয়ত ডায়েলাইছিছ কৰাৰ সুবিধাও আছে৷ তেওঁ কয় যে এই চিকিৎসালয়ত অক্সিজেন ব্যৱহাৰৰ বাবে ৮০ হাজাৰ লিটাৰ ক্ষমতাসম্পন্ন লিকুইড মেডিকেল অক্সিজেন টেংক সংস্থাপন কৰা হৈছে৷ এই টেংকটো সমগ্ৰ অসমৰ ভিতৰতে সৰ্ববৃহৎ বুলিও তেওঁ প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here