ভাৰতে সকলো দেশক বিনামূলীয়াকৈ দিব CoWIN app

0
984
যোৱা ৫ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  কয় যে কভিড-১৯ৰ টিকাকৰণৰ বাবে উলিওৱা ভাৰতৰ প্ৰযুক্তি প্লেটফৰ্ম CoWINক মুক্ত উৎস কৰা হৈছে আৰু সোনকালেই সকলো দেশৰ বাবে সহজলভ্য হ’ব৷ মোদীয়ে দৃঢ়তাৰে কয় যে এই মহামাৰীৰ বিৰুদ্ধে যুঁজত বিশ্ব সম্প্ৰদায়ৰ সৈতে ভাৰত ইয়াৰ অভিজ্ঞতা আৰু সম্পদৰ ভাগ-বাটোৱাৰা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ৷ ভিডিঅ’ কন্‌ফাৰেন্সযোগে CoWin Global Conclave ভাষণ দি মোদীয়ে কয় যে অভিজ্ঞতাই দেখুৱাই যে যিমানেই শক্তিশালী নহওক, কোনো দেশে অকলে এনেকুৱা মহামাৰীৰ প্ৰত্যাহবান চম্ভালিব নোৱাৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে মহামাৰী আৰম্ভ হোৱাৰ পৰা, এই সংগ্ৰামত আমাৰ সকলো অভিজ্ঞতা আৰু সম্পদ বিশ্ব সম্প্ৰদায়ক ভগাই দিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে৷ আমাৰ সকলো বাধা সত্ত্বেও আমি বিশ্বক ভগাই দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ৷ তেওঁ কয় যে কভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজত প্ৰযুক্তি অপৰিহাৰ্য আৰু সৌভাগ্যক্ৰমে ছফ্‌টৱেৰ এনেকুৱা এটা খণ্ড, য’ত সম্পদৰ কোনো নাটনি নাই৷ সেই কাৰণেই আমি আমাৰ কভিড ট্ৰেচিং আৰু ট্ৰেকিং এপ্‌ মুক্ত উৎস কৰিছোঁ৷ উল্লেখ্য যে কানাডা, মেক্সিকো, নাইজেৰিয়া, পানামা আৰু উগাণ্ডাকে ধৰি প্ৰায় ৫০খন দেশে তেওঁলোকৰ টিকাকৰণ অভিযানৰ বাবে CoWINৰ সহায় ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ ভাৰতে এই ছফ্‌টৱেৰটো সকলো দেশক বিনামূলীয়াকৈ দিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here