এষ্ট্ৰেজেনেকাৰ স্বীকাৰ : ক’ভিশ্বিল্ডৰ আছে পাৰ্শ্বক্ৰিয়া

0
27

ব্ৰিটিছ ফাৰ্মাচিফটিকেল কোম্পানী এষ্ট্ৰেজেনেকাই স্বীকাৰ কৰিছে যে ক’ভিডকালীন সময়ত কোম্পানীটোৱে উলিওৱা ক’ভিড ভেকচিন ক’ভিশ্বিল্ডে এটা বিৰল পাশ্বৰ্ক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে৷ ভেকচিন উৎপাদনকৰ্তা কোম্পানীটোৱে এখন আদালতত দাখিল কৰা তথ্য মতে ক’ভিশ্বিল্ড ভেকচিনৰ কাৰণে তেজ গোট মৰা আৰু প্লেটলেচ কমাৰ দৰে বিৰল পাশ্বৰ্ক্ৰিয়া হ’ব পাৰে৷ উল্লেখ্য যে ক’ভিড-১৯ মহামাৰীৰ সময়ত এষ্ট্ৰেজেনেকা আৰু অক্সফ’ৰ্ড ইউনিভাৰছিটিয়ে উদ্ভাৱন কৰা ক’ভিশ্বিল্ড উৎপাদন কৰিছে ছিৰাম ইনষ্টিটিউট অব ইণ্ডিয়াই আৰু এই ভেকচিন দেশখনত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছিল৷ উল্লেখ্য যে এই ভেকচিন লোৱা পাছত ইউ কেত ভালেমান লোকৰ মৃত্যু ঘটা আৰু আন ভালেমান লোকৰ বিৰল পাশ্বৰ্ক্ৰিয়া হোৱা বুলি অভিযোগ উঠাৰ পাছত এষ্ট্ৰেজেনেকাই ইউ কেত গোচৰৰ সন্মুখীন হ’বলগীয়া হয়৷ ইউ কে উচ্চ ন্যায়ালয়ত ৫১ জন ভুক্তভোগীয়ে গোচৰ তৰিছে আৰু কোম্পানীটো পৰা এশ মিলিয়ন পাউণ্ড ক্ষতিপূৰণ হিচাপে বিচাৰিছে৷ এই অভিযোগ ভিত্তিত ন্যায়ালয়ে তদন্ত কৰি ক’ভিশ্বিল্ডৰ পাশ্বৰ্ক্ৰিয়া থকাৰ কথা ধৰা পেলায়৷ আদালতত ভেকচিন কতৃৰ্পক্ষই স্বীকাৰ কৰে যে অতি বিৰ কেছত ক’ভিশ্বিল্ডে টি টি এছ কৰিব পাৰে৷ টি টি এছৰ কাৰণে মানুহৰ শৰীৰত তেজ গোট মাৰিব পাৰে, প্লেটলেচ কমি যাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here