নিতৌ কোৰোনাত আক্ৰান্ত হৈছে আৰক্ষীৰ জোৱান।

0
1692

৭ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ ৰাজ্যত কৰ্তব্যৰত আৰক্ষী জোৱানসকলৰ মাজত তীব্ৰ গতিত বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ। প্ৰতি ঘণ্টাত গড়ে ৩ গৰাকীকৈ আৰক্ষীৰ লোক ক’ৰোনাত আক্ৰান্ত হৈছে। এই পৰ্যন্ত ৪০৫০ গৰাকী আৰক্ষীৰ দেহত ক’ভিড-১৯ প’জিটিভ ধৰা পৰিছে। খোদ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তও এই পৰিসংখ্যাত অন্তৰ্ভূক্ত হোৱা খবৰে সকলোকে চিন্তিত কৰি তুলিছে। দুৰ্ভাগ্যজনকভাৱে ১৬ গৰাকী জোৱানে ইতিমধ্যে ক’ভিডৰ ওচৰত হাৰ মানি  ইহলীলা সম্বৰণ কৰিছে। ক’ভিডৰ সময়ত প্ৰথমৰে পৰা ল’কডাউন আৰু অন্যান্য আইন-কানুন পালনৰ বাবে সদা সষ্টম থকা আৰক্ষী জোৱানসকলৰ মাজত হোৱা এই ভয়াবহ সংক্ৰমণে আৰক্ষী-প্ৰশাসনৰ মাজত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here