গুৱাহাটীৰ কোনো হস্পিতালতে পাবলৈ নাই কোভিড ICU ৰ বিছনা ? ভয়াবহ হৈ উঠিছে নেকি অসমৰ পৰিস্থিতি ?

0
2817

৭ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ যদিও ৰাজ্যত ক’ভিড-১৯ ৰ আৰোগ্যৰ হাৰ ২ আৰু ৪ ছেপ্টেম্বৰৰ ৭.৪৪ আৰু ৭.৩৪ ৰ পৰা বাঢ়ি এতিয়া ৭ ছেপ্টেম্বৰত ৭.৬৭ হৈছেগৈ, তথাপি ভয়াবহ হাৰত বৃদ্ধি পায়েই আছে সংক্ৰমণৰ হাৰ। প্ৰতিদিনে ৰাজ্যত নতুনকৈ সংক্ৰমিত হৈছে গড়ে ২৫০০ গৰাকীকৈ। অকল গুৱাহাটী মহানগৰীতেই প্ৰতিদিনে ৫০০ তকৈ অধিক লোক সংক্ৰমিত হৈছে। গুৱাহাটীক বাদ দি পাৰিপাৰ্শ্বিক গাঁ‌ৱলীয়া অঞ্চল বা মফচলীয়া চহৰ-নগৰসমূহতো সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

এনেক্ষেত্ৰত ৰাজ্যৰ আগশাৰীৰ চিকিৎসালয়সমূহ এতিয়া ক’ৰোনা ৰোগীৰে ঠাহ খাই পৰিছে। আচৰ্যজনক কথা এই যে আগতে সাধাৰণ জ্বৰ-চৰ্দি-কাহ বুলি ভবা ক’ৰোনা ৰোগ এতিয়া আৰু সেই সাধাৰণ ক’ৰোনা হৈ থকা নাই। এতিয়া যিবিলাক ক’ৰোনা ৰোগী হাস্পতাললৈ আহি আছে, সকলোবোৰেই লক্ষণযুক্ত; অকল লক্ষণযুক্তই নহয়–ভয়াবহ লক্ষণযুক্ত।

গৌহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় আৰু মহেন্দ্ৰ মহেন্দ্ৰ চৌধুৰী চিকিৎসালয়কে ধৰি গুৱাহাটীৰ সকলো চিকিৎসালয়তে ৰোগীৰ বাবে এখনো বিচনা খালী নাই, বিশেষকৈ আই চি ইউৰ বিচনা বৰ্তমান ক’তো খালী নাই বুলি আজি দ্যা আচাম ট্ৰিবিউন কাকতৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে।

এনে পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুস হাজৰিকাই ঘোষনা কৰিছে যে এতিয়াৰ পৰা ক’ভিড কেয়াৰ চেণ্টাৰত কেৱল মাইল্ড আৰু ম’ডাৰেট লক্ষণযুক্ত ৰোগীসমূহকহে চিকিৎসা প্ৰদান কৰা হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here