দেশৰ ভিতৰত নদী প্ৰদূষণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম

0
523

ৰাজ্যৰ চৌদিশে বৃদ্ধি পাইছে প্ৰদূষণ৷ আনকি ৰাজ্যখনৰ ৪৪খন নদী আৰু জলাশয়ৰ পানী প্ৰদূষিত হৈ পৰিছে৷ কেন্দ্ৰীয় জল শক্তি বিভাগৰ ৰাজ্য মন্ত্ৰী বিশেশ্বৰ টুডুৱে প্ৰকাশ কৰা তথ্যত এই কথা পোহৰলৈ আহিছে৷ ইফালে নদী প্ৰদূষণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে অসম৷ আনহাতে প্ৰথম স্থানত আছে মহাৰাষ্ট্ৰ৷ আনকি প্ৰদূষণৰ মাত্ৰা ইমানেই বৃদ্ধি পাইছে যে বহুকেইখন নদী আৰু জলাশয়ৰ  পানী বিষাক্ত হোৱাৰ উপক্ৰম হৈছে৷ 
মন্ত্ৰীজনে প্ৰকাশ কৰা তথ্য মতে, অসমৰ ভৰলু, ডিগবৈ, কমলপুৰ, পাঁচ নৈ, ব্ৰহ্মপুত্ৰ [খেৰঘাটৰ পৰা ধুবুৰী অংশ], খচাং, পাগলাদিয়া, বৰাক, বৰনৈ, বেগা, বেঁকী, ভোগদৈ, বগীনদী, বৰবিল, বৰদৈবাম বিলমুখ, বুঢ়ীদিহিং, ধনশ্ৰী, দিখৌ, দিচাং, ডিক্ৰং, দিপলাই,  গাভৰু, জীয়া ভৰালী, হলুডংগা, জীয়া ভৰলী, জাঁজী,  কলং, কপিলী, কিলিং, কুলচী, কঁহৰা, মালিনী, মৰা ভৰলু, পুঠিমাৰী, পৰাশলি, ৰংগা, চামগুৰি, সোণকোষ, সোণাই নদীৰ লগতে বৰচলা, সৰুচলা, শিলসাঁকো আৰু দীপৰ বিলৰ পানী প্ৰদূষিত হৈছে৷ 
কেন্দ্ৰীয়  চৰকাৰে গংগা, গোদাৱৰী, মহানদী আদি নদীৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে যদিও অসমৰ নদীসমূহৰ বাবে ধন দিয়া নাই৷ উল্লেখ্য যে চৰকাৰে নমামি ব্ৰহ্মপুত্ৰৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি নদী সংৰক্ষণৰ কথা কৈছিল৷ কিন্তু নমামি ব্ৰহ্মপুত্ৰৰ নামত কোটি কোটি টকা ব্যয় হ’লেও ৰাজ্যৰ প্ৰদূষিত নদীসমূহ কিন্তু আজিও সুৰক্ষিত নহ’ল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here