সমীক্ষা : দেশৰ দুই-তৃতীয়াংশ লোকৰ শৰীৰত আছে কভিড এণ্টিবডী

0
974
চৰকাৰে কয় যে ৰাষ্ট্ৰজুৰি চলোৱা এটা সমীক্ষাত জানিব পৰা গৈছে যে ৬ বছৰৰ ওপৰৰ দুই-তৃতীয়াংশ বা ৬৭.৬ শতাংশ লোকৰে কভিড এণ্টিবডী আছে৷ ভাৰতীয় চিকিৎসা বিজ্ঞান গৱেষণা পৰিষদ চমুকৈ ICMRৰ দ্বাৰা জুন-জুলাই মাহত কৰা চতুৰ্থ ৰাষ্ট্ৰীয় কভিড-১৯ ছেৰ’ (Sero) সমীক্ষাত পোৱা গৈছে যে দেশৰ দুই-তৃতীয়াংশ লোকৰ শৰীৰত কভিড এণ্টিবডী আছে৷ ইয়াৰ অৰ্থ হ’ল ৪০ কোটি লোক এতিয়াও কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰমণসাধ্য৷ ICMRৰ সঞ্চালকপ্ৰধান ডাঃ বলৰাম ভাৰ্গৱে এক সংবাদমেলত কয় যে সমীক্ষাৰ পৰা জানিব পৰা গৈছে যে আশাৰ এক কিৰণ আছে, কিন্তু ইয়াৰ পৰা আত্মসন্তুষ্টি লাভ কৰা উচিত নহয়৷ তেওঁ কভিড বিধি পালন কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়ে৷ সমীক্ষাত আৰু পোৱা গৈছে সমীক্ষা কৰা ৮৫ শতাংশ স্বাস্থ্য কৰ্মীৰ কভিডৰ বিৰুদ্ধে এণ্টিবডী আছে আৰু এক দশমাংশৰ এতিয়াও টিকাকৰণ হোৱা নাই৷ ২১খন ৰাজ্যৰ ৭০খন জিলাৰ ২৮,৯৭৫জন সাধাৰণ লোক আৰু ৭,২৫২ গৰাকী স্বাস্থ্য কৰ্মীৰ মাজত এই সমীক্ষা চলোৱা হৈছিল৷ ICMR-এ পৰামৰ্শ দিয়ে যে প্ৰথমতে প্ৰাথমিক বিদ্যালয় পুনৰ খোলাৰ কথা বিবেচনা কৰাটো বুদ্ধিমানৰ কাম হ’ব, কাৰণ শিশুৱে ভাইৰাছৰ সংক্ৰমণ ভালদৰে চম্ভালিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here