জি২০-ৰ সন্মিলনত স্বাস্থ্য-সম্পৰ্কীয় কি বিশেষ সিদ্ধান্ত লোৱা হ’ল ? What special health-related decisions were taken at the G20 summit?

0
931
জি২০-ৰ দুদিনীয়া শীৰ্ষ সন্মিলনত বিশ্বৰ আগশাৰীৰ অৰ্থনীতিৰ ২০খন দেশৰ চৰকাৰৰ মুৰব্বী, বিশ্বৰ নেতৃবৰ্গই সকলো ধৰণৰ কাৰ্বনৰ নিৰ্গমন সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ লক্ষ্যত এই শতিকাৰ মাজভাগৰ ভিতৰত বা তাৰ ওচৰে-পাঁজৰে উপনীত হ’বলৈ এটা আপোচ প্ৰতিশ্ৰুতি দিয়ে৷ দুদিনীয়া শীৰ্ষ সন্মিলনৰ অন্তত প্ৰকাশ কৰা চূড়ান্ত ঘোষণা-পত্ৰত জি-২০-ৰ নেতাসকলে লগতে বিদেশী ৰাষ্ট্ৰসমূহত কয়লা-চালিত শক্তি উৎপাদন প্ৰকল্পসমূহৰ বাবে চৰকাৰী পুঁজি যোগান বন্ধ কৰিবলৈও সন্মতি প্ৰকাশ কৰে৷ এইটো আটাইতকৈ বেছি কাৰ্বন প্ৰদূষণকাৰী চীন আৰু ভাৰতৰ বাবে অনুকূল৷ বিশ্বৰ সেউজ গৃহ গেছৰ ৭৫ শতাংশতকৈও বেছি নিৰ্গমন কৰা বিশ্বৰ আগশাৰীৰ অৰ্থনীতিৰ ২০খন দেশে নিৰ্গমন কেনেকৈ হ্ৰাস কৰিব পাৰি আৰু বৰ্ধিত উষ্ণতাৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত দুখীয়া দেশসমূহক কেনেকৈ সহায় কৰিব পাৰি তাৰ উমৈহতীয়া আৰু সুদৃঢ় প্ৰতিশ্ৰুতিৰো সন্ধান কৰে৷ বিশ্বৰ উষ্ণতা বৃদ্ধি ১.৫ ডিগ্ৰী চেলছিয়াছত সীমিত ৰাখিবলৈ নেতৃবৰ্গ প্ৰতিশ্ৰুতিবদ্ধ হয়৷ উল্লেখ্য যে শীৰ্ষ সন্মিলনত বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ সংকটৰ বিষয়টোৱে গুৰুত্বপূৰ্ণ স্থান লাভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here