কেইবাশতিকাৰ অন্তত আজি দীঘলীয়া চন্দ্ৰগ্ৰহণ

0
1510

আজি বিশ্বত কেইবাশতিকাৰ অন্তত দৃশ্যমান হ’ব দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ। ৫৮০ বছৰৰ পাছত বিশ্ববাসীয়ে দেখা পাব এই দীৰ্ঘতম চন্দ্ৰগ্ৰহণ৷ পূব এছিয়া, উত্তৰ ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া, প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহত এই আশিংক চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব৷ ভাৰতৰ মাত্ৰ কোনো কোনো ঠাইতহে আংশিকভাৱে দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ। অসমৰ আকাশত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান নহ’ব যদিও অসমৰ শদিয়াত কিছুসময়ৰ বাবে দৃশ্যমান হ’ব এই আংশিক চন্দ্ৰগ্ৰহণ। অৰুণাচলৰ ৰ’য়িঙতো আশিংকভাৱে দেখা পাব এই চন্দ্ৰগ্ৰহণ। প্ৰায় ৩ ঘণ্টা, ২৮ মিনিট, ২৩ ছেকেণ্ড সময় ধৰি এই চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব। ভাৰতত ১২-৪৮ মিনিটত এই চন্দ্ৰহগ্ৰহণ আৰম্ভ হৈ শেষ হ’ব বিয়লি ৪-১৭ বজাত। এই সময়ছোৱাত চন্দ্ৰপৃষ্ঠৰ প্ৰায় ৯৭ শতাংশ পৃথিৱীৰ ছাঁটোৱে ঢাকি ধৰিব। ৷ স্মৰ্তব্য যে ১৪৪০ খ্ৰীষ্টাব্দতহে এনে দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ পৃথিৱীবাসীয়ে প্ৰত্যক্ষ কৰিছিল। এনে দীঘলীয়া চন্দ্ৰগ্ৰহণৰ বাবে আমি পুনৰ অপেক্ষা কৰিব লাগিব ২৬৬৯ চনলৈ। এই মহাজাগতিক দৃশ্য চাবলৈ সমগ্ৰ বিশ্ববাসীয়ে উৎসুকতাৰে বাট চাই আছে৷ চন্দ্ৰগ্ৰহণৰ মায়াময় দৃশ্য চাবলৈ গুৱাহাটীৰ তাৰকাগৃহতো ইতিমধ্যে বহু লোক উপস্থিত হৈছেহি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here