ডেল্টা ভেৰিয়েণ্টৰ ৯৮খন দেশলৈ সংক্ৰমণ

0
1570
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-এ এইবুলি সকীয়াই দিছে যে বিশ্বখন কভিড-১৯ মহামাৰীৰ এটা অতি বিপজ্জনক সময়ত আছে৷ কাৰণ প্ৰথমতে ভাৰতত ধৰা পৰা ডেল্টা ভেৰিয়েণ্টটোৱে ৰূপ সলনি কৰি আছে আৰু সংক্ৰমণ বাঢ়ি হৈ আছে৷ এইপৰ্যন্ত ৯৮ খন দেশত ডেল্টা ভেৰিয়েণ্ট ধৰা পৰিছে আৰু আনবোৰ দেশলৈও বিয়পি পৰিছে৷ WHO ৰ মুৰব্বী টেড্ৰোছ আধানোম গেব্ৰিয়েছাছে এখন সংবাদমেলত কয় যে বিশেষ কিছুমান দেশত টিকাকৰণ কম হৈছে৷ ফলত সেইবোৰ দেশত চিকিৎসালয়সমূহত ৰোগীয়ে নধৰা হৈছে আৰু এই অৱস্থাটো এটা গতানুগতিক কথা হৈ পৰিছে৷ তেওঁ কয় যে ডেল্টাৰ দৰে বেছি সংক্ৰামক ৰূপবোৰে বহু দেশত বিভীষিকাৰ সৃষ্টি কৰিছে৷ বৰ্তমান বিশ্ববাসীয়ে এই মহামাৰীৰ এটা বিপজ্জনক সময়ত উপনীত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here