ব্লেকহেডৰ পৰা কিদৰে পৰিত্ৰাণ পাব?

0
717
মুখৰ সৌন্দৰ্যই এজন মানুহক দেখনিয়াৰ কৰি তোলে৷ কিন্তু কেতিয়াবা কিছুমান দাগ বা কাৰকে মুখৰ সৌন্দৰ্য ম্লান কৰে, বিশেষকৈ ব্লেকহেড জাতীয় সমস্যাই আপোনাৰ মুখৰ আকৰ্ষণ নাইকিয়া কৰিব পাৰে৷ নাকত থকা এই দাগবোৰে কেতিয়াবা আপোনাক অস্বস্তিতো পেলায়৷ দৰাচলতে শৰীৰত হৰমনৰ পৰিৱৰ্তনৰ বাবে মুখৰ বিশেষকৈ নাকত এই ব্লেকহেড হ’ব পাৰে৷ এই ব্লেকহেডৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কি কৰিব জানো আহক৷ 
How to Get Rid of Blackheads According to Reddit - Blackhead Treatments

[১] ঔষধি গুণসম্পন্ন হালধিয়ে ব্লেকহেড আঁতৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ইয়াৰ বাবে হালধিৰ গুড়ি বা কেঁচা হালধি আৰু পদিনাৰ ৰসৰ এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এই মিশ্ৰণটো ব্লেকহেড হোৱা ঠাইত ভালদৰে সানি দিয়ক৷ কিছু সময় ৰাখি পৰিষ্কাৰ পানীৰে নাকটো ধুই দিয়ক৷

Kitchen Mint And Turmeric Root Stock Photo - Download Image Now - iStock


[২] কেঁচা গাখীৰ, চন্দনৰ গুড়ি আৰু হালধিৰে ডাঠকৈ এটা মিশ্ৰণ তৈয়াৰ কৰক৷ উক্ত মিশ্ৰণটো ব্লেকহেড হোৱা অংশত ভালদৰে ঘঁহি দিয়ক৷ ১০ মিনিটমান সময় মিশ্ৰণটো ৰাখি ভালদৰে ধুই দিয়ক৷ এইদৰে সপ্তাহত কমেও তিনিবাৰ লগাওক৷ ব্লেকহেডৰ পৰা নিশ্চয়কৈ মুক্তি লাভ কৰিব পাৰিব।

Milk Face Pack: Get Fair and Glowing skin with These 3 Milk Face Pack | India.com


[৩] ব্লেকহেড আঁতৰাবলৈ মৌ ব্যৱহাৰ কৰিব পাৰি৷ নাকৰ ব্লেকহেড হোৱা ঠাইত বিশুদ্ধ মৌ ভালদৰে ঘঁহি ঘঁহি লগাওক৷ কিছু সময় ৰাখি নাকটো পৰিষ্কাৰকৈ ধুই দিব৷ মৌৱে নোমৰ গুৰিবোৰ সংকুচিত কৰে আৰু ছাল কোমল কৰে৷

Honey For Blackheads - How To Remove Blackheads With Honey?

এনেদৰে প্ৰাকৃতিক চিকিৎসাৰে আপুনি ব্লেকহেডৰ পৰা মুক্তি লাভ কৰিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here