প্ৰাতঃভ্ৰমণৰ সময়ত আপোনাৰ জোতাযোৰ কেনে হোৱা উচিত ? What type of shoes are appropriate for morning walks?

0
544
দোকমোকালি পুৱাৰ সুন্দৰ পৰিৱেশত খোজকঢ়াটো বহুতেই পচন্দ কৰে৷ এনে এটা সুমধুৰ নিৰিবিলি পৰিৱেশত খোজ কাঢ়িলে মন পুলকিত হয়, মনে আনন্দ লাভ কৰে লগতে শৰীৰৰো যথেষ্ট লাভ হয়৷ এইদৰে পুৱা মিঠা আমেজৰ সোৱাদ ল’বলৈ প্ৰাতঃভ্ৰমণ কৰাৰ সময়ত সকলোৱে জোতা পিন্ধি খোজ কাঢ়ে৷ এতিয়া কথা হ’ল প্ৰাতঃভ্ৰমণৰ সময়ত আমি কিধৰণৰ জোতা ব্যৱহাৰ কৰিব লাগে৷ যিয়ে আপোনাক অকণো অসুবিধা বা অস্বস্তিত নেপেলায় অথবা খোজকাঢ়িলে যাতে জোতাযোৰৰ পৰা ভৰিৰ কোনোধৰণৰ ক্ষতি নহয়৷ জানো আহক পুৱা খোজ কঢ়াৰ সময়ত আপুনি কেনেকুৱা জোতা পিন্ধিব৷

(১) প্ৰাতঃভ্ৰমণ কৰাৰ সময়ত এনেধৰণৰ জোতা পিন্ধিব, যি জোতাৰ পাছফালে সামান্য ওখ হয়৷ লগতে জোতাৰ পাছফালটো খুব বেছি চেপি যোৱা নহ’লে ভাল৷ কিয়নো পিছফালটো সৰু হ’লে খোজকাঢ়িলে গোৰোহাৰ বিষ হোৱাৰ সম্ভাৱনা থাকে৷


(২) জোতা পিন্ধাৰ সময়ত লক্ষ্য ৰাখিব ভৰিৰ আঙুলিবোৰ যাতে বেছি চেপা খাই নাথাকে৷ ইয়ে আপোনাক খোজকঢ়াত অসুবিধাৰ সৃষ্টি কৰিব পাৰে লগতে আঙুলি কটাৰ সম্ভাৱনা থাকে৷

Running shoes on amazon: Running Shoes On Amazon : रनिंग और जिम के लिए पर्फेक्ट हैं Running Shoes, आज ही खरीदें Amazon से - try these running shoes on amazon for gym


(৩) খোজকঢ়াৰ বাবে জোতা কিনিলে জোতাৰ তলফালটোৰ খেয়াল ৰখা দৰকাৰ৷ জোতাৰ তলুৱা মসৃণ হ’লে কেতিয়াও খোজ কাঢ়িবলৈ ব্যৱহাৰ নকৰিব৷ জোতাৰ তলুৱাখন খাজ কটা হ’ব লাগে৷ কিয়নো জোতাৰ তলফালত খাজ কটা থাকিলে খোজকঢ়াৰ সময়ত পিছলি বা হঠাতে পৰি যোৱাৰ সম্ভাৱনা নাথাকে৷


(8) জোতাৰ ভিতৰৰ মাজ অংশ নৰম হোৱা দৰকাৰ৷ মাজৰ নৰম অংশই ভৰিৰ তলুৱাখন সুৰক্ষিত কৰি ৰখাৰ লগতে খোজ কঢ়াৰ সময়ত ভৰিৰ তলুৱাত আঘাত লগাৰ আশংকা নোহোৱা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here