গল খজুৱালেও কচুৰ ঠাৰি নোখোৱাকৈ নাথাকিব (Don’t stop eating yam stalk even if there is itching in your throat)

0
1154
ভাতৰ পাতত কচুৰ ব্যঞ্জন থাকিলে আনকি কচু ৰন্ধা দেখিলেই, নাখালেও বহুতৰে গল খজুৱাবলৈ আৰম্ভ কৰে৷ কিন্তু বহুতেই আকৌ দৈনিক খাদ্য তালিকাত কচুৰ যিকোনো এবিধ ব্যঞ্জন ৰাখে৷ কচু খালে যদিও কেতিয়াবা খজুৱতি অনুভৱ হয়, তথাপি কিন্তু কচুৰ আছে যথেষ্ট উপকাৰিতা৷ পুষ্টিবিদৰ মতে কচুৰ ঠাৰিত প্ৰচুৰ পৰিমাণে ফাইবাৰ, আয়’ডিন, কেলচিয়াম, আইৰন, ভিটামিন-C, ভিটামিন-B আদি থাকে৷ জানো আহক কচুৰ ঠাৰিৰ উপকাৰিতাসমূহ---

(১) কচুৰ ঠাৰিত যথেষ্ট পৰিমাণে আয়’ডিন, ভিটামিন-B থাকে বাবে মস্তিষ্ক গঠন, ইয়াৰ কাৰ্যশক্তি বৃদ্ধিত সহায় কৰে৷


(২) যিসকলৰ কলেষ্টৰেলৰ সমস্যা আছে, সেইসকল লোকে খাদ্য তালিকাত কচু ৰখাটো ভাল৷ কচুই তেজত কলেষ্টৰেলৰ মাত্ৰা কমোৱাত অৰিহণা যোগায়৷


(৩) চকুৰ দৃষ্টিশক্তি ভালে ৰাখিবলৈ কচুৰ ঠাৰি খোৱা অতি উত্তম৷

mums old recipe book: Rebus Asam Batang Keladi (Boiled Yam Stems in Sour Sauce)


(8) কচুত থকা কেলচিয়ামে হাড়ৰ গঠন, হাড় শক্তিশালী কৰাত অৰিহণা আগবঢ়ায়৷


(৫) কচু আয়’ডিনৰ ভাল উৎস বাবে যিসকলৰ শৰীৰত তেজৰ পৰিমাণ কমি গৈছে, তেওঁলোকে নিয়মিতৰূপে কচু খাব লাগে৷


(৬) গৰমকালি ঘাম ওলাই শৰীৰৰ পানীৰ পৰিমাণ কমি যোৱাৰ দৰে সাধাৰণতে শীতকালত পানী কমকৈ খোৱা যায়৷ সেয়েহে শৰীৰত পানীৰ আদ্ৰৰ্তা অটুট ৰাখিবলৈ হ’লে কচু খোৱাটো অতি দৰকাৰ৷

এটা দৰকাৰী কথা যে যিসকলৰ কচু খালে গলৰ খজুৱতি যেন অনুভৱ হয়, তেওঁলোকে  কচু খাবলৈ এৰাৰ পৰিৱৰ্তে কচুৰ তৰকাৰীত অলপ নেমুৰ ৰস মিহলাই খালে কেতিয়াও কচুৱে তেওঁলোকৰ গলত নুখুজায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here