গৰু-ম’হৰ পেট ফুলিলে কি খুৱাব?

0
1531
মানুহৰ দৰে গৰু-ম’হ আদি জীৱ-জন্তুৰ পেটতো গেছ জমা হয়৷ ফলত পশুৰ পেট ওফন্দি পৰে, শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট হয়৷ সাধাৰণতে পচা বস্তু, হজম নোহোৱা খাদ্য বা অধিক পৰিশ্ৰম কৰাৰ ফলত গৰু-ম’হৰ এইবিধ ৰোগ হয়৷ আনকি ৰ’দত বহু সময় ধৰি বান্ধি থ’লেও গৰু-ম’হৰ পেটত গেছ জমা হয়৷ ইয়াৰ বাবে কি কৰিব, জানো আহক৷

[১] ভীম কলৰ পচলা সিজাই ক’লা নিমখৰ লগত খুৱাব লাগে৷
[২] নহৰু, পিঁয়াজ, কেঁচা হালধি একেলগে খুন্দি ক’লা নিমখৰ লগত খুৱালে গৰুৰ পেট ফুলা ৰোগ ভাল হয়৷

Goan cows not the first to love meat but this may make Donald Trump happy - News Analysis News

[৩] ত্ৰিফলা পানীত মিহলাই খুৱালে সুফল পোৱা যায়৷
[৪] কেঁচা হালধিৰ ৰসৰ লগত গুৰ খুৱালেও যথেষ্ট উপকাৰ পোৱা যায়৷
[৫] মৰাণ আদা খুন্দি অলপ ঠাণ্ডা পানীৰ লগত খুৱালে গৰু-ম’হে পেট ফুলা ৰোগৰ পৰা আৰোগ্য লাভ কৰে।

গতিকে এনেধৰণৰ ঘৰুৱা উপাচাৰ কৰি গৰু-ম’হক পেট ফুলা সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here