শেৱালি ফুলৰ পাতৰ গুণ জানিলে আপুনি অবাক হ’ব (You’ll be surprised to know about the benefits of the night jasmine leaf)

0
1818

শৰতৰ দোকমোকালি পুৱা শেৱালিৰ সুবাসে কাকনো আমনি নকৰে৷ তলসৰা শেৱালি ফুলে আপোনাৰ পুৱাৰ সম্ভাষণ জনাবলৈ যেন এখন অপৰূপ দলিচাহে পাৰি থৈছে, সেয়া নিশ্চয় অনুভৱ হয়৷ শেৱালি ফুলৰ আমেজভৰা গোন্ধৰ উপৰি আয়ুৰ্বেদ শাস্ত্ৰমতে ইয়াৰ আছে বহুতো ঔষধি গুণ৷ ঠিক একেদৰে ইয়াৰ পাতো কিন্তু আমাৰ শৰীৰৰ বাৰে অতি দৰকাৰী৷ ঔষধি গুণবিশিষ্ট ইয়াৰ পাতৰ এনে কি গুণ আছে জানো আহক৷

Parijat Harsingar (Night jasmine) Nyctanthes arbor-tristis Benefits, Indications, Dose and Side Effects


(১) কঁকালৰ বিষ, বাতবিষ আদিৰ বাবে শেৱালিৰ পাত অতি উত্তম৷ তিনি-চাৰিটা পাত পৰিষ্কাৰকৈ লৈ পানীত উতলাই ঠাণ্ডা হোৱাৰ পাছত সেই পানী খালী পেটৰ বিষ উপশম হয়৷


(২) শুকান কাহ, চৰ্দি, ছাইনাইটিছ আদিত ইয়াৰ পাত ভালদৰে পিচি অলপ সময় গৰম কৰি পাছত সেই মিশ্ৰণটোত অলপ মৌ মিহলাই সেৱন কৰিলে শুকান কাহ নিমিষতে দূৰ হয়৷ লগতে চৰ্দি, ছাইনাইটিছ আদি সমস্যাৰ পৰাও সকাহ পাব পাৰি৷


(৩) শেৱালিৰ পাতৰ ৰস সেৱন কৰিলে শৰীৰৰ টক্সিন বাহিৰ হয়৷ গাঁঠিৰ বিষ নিৰাময়ৰ বাবে ইয়াৰ পাতৰ ৰস সেৱন কৰিলে সুফল পোৱা যায়৷


(8) তিনিটামান শেৱালিৰ পাত পিচি লৈ তাত মিচিৰি মিহলাই পানীৰে এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এতিয়া মিশ্ৰণটো সেৱন কৰিলে হজমৰ সমস্যা নোহোৱা হয়৷


(৫) মানসিক চাপ, উদ্বেগ, দুশ্চিন্তা আদি বাঢ়িলে শেৱালি ফুলৰ তেল লগালে মানসিক শান্তি ঘূৰাই আনে৷


(৬) এলাৰ্জি বা চুলি সৰা আদিত শেৱালিৰ পাত পিচি ৰস লগালে চুলি সৰা বন্ধ হোৱাৰ লগতে এলাৰ্জি নোহোৱা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here