ঔষধৰ অস্বাভাৱিক দাম বৃদ্ধি ! সংকটৰ সন্মুখীন ৰোগী (Unprecedented rise in medicine prices hits patients)

0
684
অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী জীৱনদায়িনী ঔষধৰ প্ৰায়বোৰ প্ৰতিষ্ঠিত ঔষধ কোম্পানীয়ে অতি শেহতীয়াকৈ দাম বৃদ্ধি কৰিছে৷ ঔষধ অনুযায়ী ১০ শতাংশৰ পৰা ২০ শতাংশলৈ কোম্পানীসমূহে দাম বৃদ্ধি কৰিছে৷ কেৱল দাম বৃদ্ধি কৰাই নহয়, খুচুৰা বিক্ৰেতাসকলক দি অহা কমিছনৰ পৰিমাণো হ্ৰাস কৰিছে একাংশ কোম্পানীয়ে৷ অৰ্থাৎ দুই ধৰণে লুণ্ঠন চলাইছে ঔষধ কোম্পানীয়ে৷ সাধাৰণতে ঔষধ কোম্পানীসমূহে প্ৰতিবছৰে কম পৰিমাণে ঔষধৰ দাম বৃদ্ধি কৰে৷ বছৰত এক, দুই শতাংশকৈ ঔষধৰ দাম কোম্পানীসমূহে বৃদ্ধি কৰে যদিও গ্ৰাহকৰ ওপৰত নেতিবাচক ক্ৰিয়া নকৰে৷ কিন্তু এইবাৰ কভিড-সৃষ্ট পৰিস্থিতিয়ে সকলো জনতাৰ অৰ্থনৈতিক পৰিকাঠামো ভাঙি পেলোৱাৰ সময়ত ঔষধ কোম্পানীসমূহে সকাহ দিয়াৰ পৰিৱৰ্তে লুণ্ঠন আৰম্ভ কৰিছে৷ উৎপাদন ব্যয়ৰ ওপৰত নিৰ্ভৰ কৰিহে অতি সুস্থিৰভাৱে ঔষধ কোম্পানীসমূহে দাম বৃদ্ধি কৰে৷ কিন্তু এইবাৰ দেখা গৈছে যে ঔষধ অনুসৰি ১০ শতাংশৰ পৰা ২০ শতাংশ পৰ্যন্ত দাম বৃদ্ধি কৰিছে৷ অত্যাৱশ্যকীয় আন সামগ্ৰীৰ দৰে বৃদ্ধি পাইছে ঔষধৰ দাম৷ কিন্তু অৰ্থনৈতিক অৱস্থা সুস্থিৰ হ’লে আন সামগ্ৰীৰ দৰে ঔষধৰ দাম নিম্নগামী হ’বনে ? ঔষধ কোম্পানীসমূহে প্ৰায়বোৰ ঔষধৰ দাম বৃদ্ধি কৰাৰ সময়ত অমৃত ফাৰ্মাচীসমূহে কিছু সকাহ দিয়াৰ পথ আছিল যদিও তাত সাধাৰণ বেমাৰৰ ঔষধেই উপলব্ধ নোহোৱাত এতিয়া দুৰ্যোগপূৰ্ণ পৰিস্থিতিত ঔষধৰ দাম বৃদ্ধিয়ে সৰ্বসাধাৰণক আন এক সমস্যাৰ সন্মুখীন কৰালে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here