কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ : ফ্ৰান্সত পুনৰ লকডাউন ঘোষণা

0
1803


বৰ্তমান বিশ্ব মহামাৰী কৰ’না ভাইৰাছৰ আক্ৰান্তত জৰ্জৰিত৷ ইয়াৰ পৰিত্ৰাণৰ উপায় বিচাৰি বিভিন্ন দেশৰ গৱেষক-বিজ্ঞানীয়ে দিনে-নিশাই প্ৰতিষেধক উদ্ভাৱনৰ চেষ্টা অব্যাহত ৰাখিছে| তেনে সময়তে ইউৰোপ মহাদেশত পুনৰ কৰ’নাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে৷ ইউৰোপৰ বিভিন্ন দেশৰ লগতে ফ্ৰান্সতো কৰ’না মহামাৰীৰ দ্বিতীয়টো ঢৌ উঠিছে৷ এই মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ কাইলৈৰ পৰা ফ্ৰান্সত ৰাষ্ট্রজোৰা লকডাউন আৰম্ভ হ’ব৷ দেশৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰনে টেলিভিছনযোগে দেশবাসীক উদ্দেশ্যি দিয়া এটা ভাষণত কয় যে আমাৰ চুবুৰীয়া সকলো দেশৰ লগতে আমাৰ দেশতো কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে আৰু নিঃসন্দেহে প্ৰথম ঢৌতকৈ এইবাৰৰ ঢৌ বেছি মাৰাত্মক হ’ব৷ সেয়ে সমগ্ৰ দেশখনতে লকডাউন ঘোষণা কৰা হৈছে৷ এইবাৰৰ লকডাউনৰ নিয়ম অনুসৰি বিশ্ববিদ্যালয়, পুথিভঁৰাল, বাৰ, কেফে, ৰেস্তোৰা, জিমনেচিয়াম আদি সকলো বন্ধ থাকিব৷ আনহাতে ৰাজহুৱা স্থানত সভা, সমাৱেশ, সাংস্কৃতিক অনুষ্ঠান আদি নিষিদ্ধ কৰা হৈছে৷ কিন্তু প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, নাৰ্ছাৰী আদিবোৰৰ ক্ষেত্ৰত উক্ত নিয়ম প্ৰযোজ্য নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here