আমলখিৰ ঔষধি গুণ কি?

0
2226


বিভিন্ন ধৰণৰ ঔষধি গুণসম্পন্ন ফল-মূলৰ গছ আমাৰ চৌপাশে দেখিবলৈ পাওঁ৷ প্ৰতিবিধ গছেৰ ঔষধি গুণাগুণ ভিন্ন৷ তাৰ ভিতৰত এবিধ হৈছে আমলখি৷ আমলখি গছজোপা সাধাৰণতে এক মিটাৰ পৰা আঠ মিটাৰ পৰ্যন্ত ওখ হয়৷ ইয়াৰ বৈজ্ঞানিক নাম হ’ল ফিলেন্‌থাছ এম্বলিকা [Phyllanthus emblica]৷ আকাৰত ইয়াৰ ফলবিধ মাৰ্বল এটাৰ সমান৷ আমাৰ শৰীৰত লগা বিভিন্ন পোষক তত্ত্বৰ প্ৰায়খিনি আমলখিত পোৱা যায়৷ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে৷ লগতে ইয়াত থকা কেলচিয়ামে আমাৰ শৰীৰৰ হাড়বোৰ মজবুত কৰি ৰাখে৷ ভিটামিন চি প্ৰচুৰ পৰিমাণে থকাৰ বাবে ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে৷ আমলখিৰ গুড়ি নতুবা ৰস সেৱন কৰিলে পাচন প্ৰক্ৰিয়াও সক্ৰিয় হৈ থাকে৷ ইয়াত থকা কেৰ’টিনে দৃষ্টিশক্তি বঢ়ায়৷ আমলখি খালে মাংসপেশীৰ বিষৰ পৰা উপশম পাব পাৰি৷ মৌ বা আদাৰ সৈতে ইয়াৰ ৰস সেৱন কৰিলে চৰ্দি, জ্বৰ, ফ্লু আদি নিৰাময় হয়৷ ই আলচাৰ নিৰ্মূল কৰে৷ আমলখি সেৱন বা ইয়াৰ ৰস চুলিত লগালে চুলিৰ উজ্জ্বলতা বঢ়ায়, চুলি নিজম হোৱাৰ লগতে চুলিত হোৱা উফি আঁতৰ কৰে৷ ডায়েবেটিছ ৰোগীয়ে দৈনিক আমলখি খোৱাটো উত্তম৷ প্ৰদূষণ বা আন কোনো কাৰণত যদি আমাৰ ছালখনত খজুৱতি বা দাগ পৰে তেন্তে আমলখি খোৱাটো ভাল, আমলখি খোৱাৰ ফলত এনেবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ সেয়েহে দৈনিক এটাকৈ হ’লেও আমলখি খোৱাটো অতি আৱশ্যক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here