তাজা মাছ কেনেদৰে চিনিব?

0
812
বহুতেই বজাৰলৈ মাছ কিনিবলৈ যাওঁতে বিপদত পৰে– মাছটো তাজা নে হাল্‌কা৷ বহুতে আকৌ মাছটো টিপি টাপি চায়ো নিশ্চিত হ’ব নোৱাৰে– মাছটো ভাল নে বেয়া৷ এইদৰে বহু সময়ত বজাৰত মাছ চাই ঘূৰি ফুৰোতেই সিদ্ধান্তহীনভাৱে সময় পাৰ হয়৷ সেয়ে বজাৰত মাছ কিনাৰ আগতে মাছ তাজা নে হালকা ভালদৰে জানি লৈ যাওক৷ সতেজ মাছ চিনাৰ বাবে জানক এইকেইটা টিপছ৷

(১) বজাৰত মাছ কিনাৰ সময়ত মাছটো আপুনি নাকৰ ওচৰলৈ নি গোন্ধ লওক৷ সতেজ বা তাজা মাছৰ কোনোধৰণৰ বেয়া গোন্ধ নাপায়৷ কিন্তু যদি মাছটো অলপ অলপ পচা ধৰণৰ গোন্ধ ওলায়, জানিব মাছটো বেয়া হ’বলৈ আৰম্ভ কৰিছে৷


(২) মাছৰ বাকলিৰ চোক বা উজ্জ্বলতা চাই মাছ ভাল-বেয়া চিনাক্ত কৰিব পাৰি৷ সতেজ মাছৰ বাকলি চিক্‌চিকীয়া আৰু উজ্জ্বল হ’ব৷ আনহাতে বেয়া হ’বলৈ আৰম্ভ কৰিলে বাকলিবোৰ বগা-ঢেলা বৰণৰ হয়৷

A dead fish washed up on a the sand Stock Photo - Alamy


(৩) সতেজ বা তাজা মাছত আপুনি আঙুলিৰে অলপ হেঁচি দিলেই গম পাব৷ মাছটো ঢেলা হ’লে আঙুলিৰ চাপ মাছৰ গাত পৰিব৷


(8) মাছটো ভাল নে বেয়া তাক চিনাৰ এটা সহজ উপায় হ’ল মাছৰ কাণৰ তলত থকা ফুলবোৰ৷ যদি ফুলবোৰৰ ৰং ৰঙা উজ্জ্বল হৈ থাকে জানিব মাছটো তাজা হৈ আছে৷ আনহাতে বগা-ঢেলা বৰণ ধৰিলে মাছটো বেয়া হ’বলৈ আৰম্ভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here