কলফুল খায়নে আপুনি? ইয়াৰ আছে অনেক উপকাৰিতা

0
442
উদ্ভিদবোৰৰ ভিতৰত কলগছজোপাই হয়তো একমাত্ৰ, যাৰ কোনো এটা অংশই পেলাবলগীয়া নহয়৷ কলগছৰ গা-গছকে ধৰি সকলো অংশই আমি খাদ্য হিচাপে গ্ৰহণ কৰোঁ, কিয়নো ইয়াৰ আছে অনেক ঔষধি গুণাগুণ৷ কলগছৰ এটা অংশ হ’ল কলফুল৷ যাক আপুনি ভাজি, তৰকাৰী বনাই বা অন্য বিভিন্ন উপায়ে ৰান্ধি নিশ্চয় খাই পাইছে৷ কিন্তু আপুনি জনাটো ভাল যে এই কলফুলৰ আছে বহুতো উপকাৰ৷ ইয়াৰ গুণাগুণৰ বিষয়ে আপোনাকক জনাব বিচাৰিছোঁ৷

(১) ডায়েবেটিছ ৰোগীৰ বাবে কলফুল এবিধ অত্যন্ত উপকাৰী খাদ্য৷ ডায়েবেটিছ ৰোগীয়ে কলফুল উতলাই সেৱন কৰিলে শৰীৰৰ ইনছুলিনৰ স্তৰ কম কৰে৷ ডায়েবেটিছ ৰোগীয়ে কলফুল পাচলি বা চুপ হিচাপেও খাব পাৰে৷


(২) কলফুলত এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে আলঝেইমাৰ, পাৰ্কিনছন, কৰ্কট ৰোগ আদিত যথেষ্ট ফলদায়ক হিচাপে কাম কৰে৷


(৩) কলফুল খোৱাৰ ফলত প্ৰজেষ্টেৰনৰ গঠন বৃদ্ধি হয়৷ ইয়াৰ ফলত শৰীৰৰ অত্যধিক ৰক্তক্ষৰণ নিয়ন্ত্ৰণ হয়৷ মহিলাৰ মাহেকীয়া সমস্যা, শৰীৰৰ ক্ষতস্থানৰ তেজ বন্ধ আদিত কলফুলে ফলপ্ৰসূভাৱে কাৰ্য সম্পাদন কৰে৷


(8) কলফুলত যথেষ্ট পৰিমাণে ফাইবাৰ বা আঁহ পোৱা যায়৷ যি খাদ্যৰ হজম হোৱা আৰু শোষণ তৎপৰতাত সহায় কৰে৷


(৫) কলফুল এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ হোৱা বাবে আমাৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেম কৰাত অত্যন্ত কাৰ্যকৰী৷


(৬) কলফুলত প্ৰ’টিন, কেলচিয়াম, তাম, ফচফৰাছ, ভিটামিন-D আদি থাকে৷ ফলস্বৰূপে ছাল, চুলিৰ পৰিচৰ্যাৰ কাৰণে কলফুল লাগতিয়াল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here