এইবোৰ খাদ্য খালে কিডনীত জমা হোৱা বৰ্জিত বাহিৰ হ’ব পাৰে

0
38


শৰীৰত জমা হোৱা অবৰ্জনীয় তথা বৰ্জিত পদাৰ্থ বাহিৰ কৰাটো অতি জৰুৰী৷ দিনৰ পাছত দিন ধৰি এইদৰে বৰ্জিত পদাৰ্থ দেহত জমা হোৱাৰ পাছত শৰীৰৰ নানা সমস্যাই দেখা দিব পাৰে৷ খাদ্য ঠিকমতেত হজম নোহোৱা, গেছ, এচিডিটি সমস্যা বৃদ্ধি পোৱা আদি একাধিক অসুবিধা হ’ব পাৰে৷ এনে অৱস্থাত কিডনী ডিটক্সিফিকেশ্যন জৰুৰী৷ যাৰ জৰিয়তে শৰীৰ থকা সমস্ত বৰ্জ্য পদাৰ্থ বাহিৰ হয়৷ ডিটক্সিফিকেশ্যনত বিশেষ ভূমিকা পালন কৰে খোৱা খাদ্য বা ডায়েটে৷ শৰীৰৰ ডিটক্সিফিকেশ্যনত সহায় কৰে কিডনী আৰু লিভাৰক৷ কিডনী হ’ল এনে এটা অংগ, যি প্ৰস্ৰাৱৰ মাধ্যমেৰে শৰীৰৰ বিপাকীয় বৰ্জ্য নিঃসৰণ কৰি দিয়ে৷ আনহাতে তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে লিভাৰ আৰু কিডনীয়ে৷ কিডনীয়ে শৰীৰৰ হাইড্ৰেট ৰখাৰ লগতে দেহত জমা হোৱা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ ই প্ৰাকৃতিক উপায়েৰে শৰীৰক ডিটক্সিফাই কৰে৷ কি কি খাদ্যই শৰীৰৰ পৰা বৰ্জিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে জানো আহক৷
দৈনন্দিন জীৱনত ক্ৰানবেৰি নিয়মিতভৱে খোৱা নহয়৷ কিন্তু স্বাস্থ্য বিশেষজ্ঞই কোৱা মতে ক্ৰানবেৰি ফলে কিডনীৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷ আনহাতে ক্ৰানবেৰিৰ ৰস মূত্ৰনলীৰ সংক্ৰমণ, ব্লাডাৰৰ ইনফেকশ্যন নিৰাময় কৰে৷
মাছ খোৱাৰ ফলত কিডনীৰ পৰা বৰ্জনীয় পদাৰ্থ বাহিৰ হয়৷ নেশ্যনেল কিডনী ফাউণ্ডেশ্যনৰ এটা গৱেষণাত দেখা গৈছে যে সামুদ্ৰিক মাছত পোৱা ওমেগা থ্ৰী ফেটি এচিডে ৰক্তনলীত ফেট জমা হোৱাৰ বাধা দিয়ে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে৷
কাজিনেমুত থকা চাইট্ৰাছ এচিডে কিডনীৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে৷ আনহাতে ইয়াত থকা উচ্ছ পৰিমাণৰ চাইট্ৰাছে কিডনীত পাথৰ হোৱাৰ বাধা দিয়ে৷ আনকি কাজিনেমু খালে ইউৰিন এচিডৰ পৰিমাণ কমি যায়, যি কিডনীৰ স্বাস্থ্যৰ বাবে উপকাৰী৷
তিযঁহত যথেষ্ট পৰিমাণে পানী পোৱা যায়৷ এই পানীভাগে শৰীৰৰ ফ্ৰেচ আৰু হাইড্ৰেট কৰি ৰাখে৷ আনহাতে তিয়ঁহত ডিউৰেটিক বৈশিষ্ট্য পোৱা যায়, যিয়ে কিডনীত পাথৰ হোৱাৰ বাধা দিয়ে আৰু কিডনীৰ কাৰ্যকাৰিতা সুচল কৰি ৰাখে৷
চেলেৰি কিডনীৰ স্বাস্থ্যৰ বাবে উপকাৰী৷ ইয়াত কেলৰিৰ পৰিমাণ কম থাকে৷ চেলেৰিয়ে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰাত তথা শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here