আনৰ মেকআপ কিট শ্বেয়াৰ কৰিলেহ’ব পাৰে ছালৰ এই সমস্যা

0
236


কোনো অনুষ্ঠানেই হওক বা উৎসৱ-পাৰ্বণ, বিয়া-বাৰু আদিত যেতিয়া মেকআপৰ কথা আহে, তেতিয়া মহিলাসকলৰ মাজত ইয়াক লৈ প্ৰতিযোগিতা আৰম্ভ হয়– মেকআপ কৰি কোনে কিমান দেখনিয়াৰ কৰি তুলিব পাৰে৷ ইয়াৰ বাবে প্ৰতিগৰাকীয়ে খুব সুন্দৰ আৰু আকৰ্ষণীয় কৰি দেখাবলৈ বিচাৰে৷ যাৰ কাৰণে তেওঁলোকৰ মেকআপ কিট বান্ধৱীৰ সৈতে ভাগ কৰি লগায়৷ মহিলাসকলৰ মাজত মেকআপ পণ্য ভাগ কৰাটো খুব সাধাৰণ কথা আৰু প্ৰায়ক্ষেত্ৰতে মহিলাসকলে ইজনে সিজনৰ প্ৰসাধন সামগ্ৰী ভাগ কৰা তথা লগোৱা দেখা যায়৷ এইবোৰৰ ভিতৰত লিপষ্টিক, মাস্কাৰা, মাছকাৰা বা অন্য মেকআপৰ সামগ্ৰী আপোনাৰ বন্ধু বা আত্মীয়ৰ সৈতে ভাগ কৰি লগায় নিশ্চয়৷ কিন্তু আপুনি জানেনে যে এইদৰে মেকআপ কিট ভাগ-বাটোৱাৰা কৰি লগালে বেক্টেৰিয়াৰ সংক্ৰমণ হৈ ছালখনৰ ক্ষতি কৰিব পাৰে৷ জানো আহকচোন মেকআপ কিট শ্বেয়াৰ কৰাৰ পাৰ্শ্বক্ৰিয়াবোৰ৷
আমাৰ চকু শৰীৰৰ সকলোতকৈ সংবেদনশীল অংগ৷ সেয়ে আনে ব্যৱহাৰ কৰা কাজল, মাছকাৰা বা আই লাইনাৰ ব্যৱহাৰ কৰিলে বেক্টেৰিয়াৰ সংক্ৰমণৰ আশংকা থাকে৷ যাৰ কাৰণে চকুৰে পানী ওলোৱা, চকু ৰঙা পৰা, চকুৰ খজুৱতি আদিৰ দৰে সমস্যা হ’ব পাৰে৷
যদিও গোটেই ছালখনৰ যত্নৰ বাবে বিশেষজ্ঞই মেকআপ ব্ৰাছ তথা সৰঞ্জাম পৰিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়ে, কিন্তু মহিলাসকলে বেছিভাগ ক্ষেত্ৰতে এই বিষয়ে যত্ন লোৱা দেখা নাযায়৷ যাৰ ফলত আনৰ মেকআপ কিট ব্যৱহাৰ কৰি ছালৰ সংক্ৰমণৰ চিকাৰ হয়৷
মহিলাৰ ক্ষেত্ৰত আনে ব্যৱহাৰ কৰা ওঁঠত লগোৱা লিপষ্টিক আদি পণ্য সামগ্ৰী লগোৱাটো এটা অস্বাস্থ্যকৰ অভ্যাস৷ কিয়নো ইয়াৰ যিধৰণৰ ভাইৰাছে ঠাণ্ডাজনিত ঘাৰ সিৃষ্ট কৰে, সেইবোৰে মুখখনৰ যথেষ্ট ক্ষতি কৰে৷ আনহাতে ইয়াত থকা ভাইৰাছবোৰ দীৰ্ঘসময় ধৰি ওঁঠত সক্ৰিয় হৈ থাকিব পাৰে বাবে যিকোনো সময়তে সংক্ৰমণ ঘটাব পাৰে৷
হাতৰ আঙুলিবোৰেও এইধৰণৰ সংক্ৰমণৰ কাৰণ হ’ব পাৰে৷ হাইলাইটাৰ, ব্লাছাৰ আনকি লিপ বামৰ দৰে আঙুলিৰে দিয়া পণ্য বা মেকআপবোৰ শ্বেয়াৰ কৰাৰ ফলত সংক্ৰমণ হোৱাৰ আশংকা থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here