হৃদযন্ত্ৰ সুস্থ ৰাখিবলৈ ভিটামিন-Dএ কিদৰে সহায় কৰে

0
282


মানুহৰ দীৰ্ঘায়ু কোনে এটা বিষয়ত নিৰ্ভৰ নকৰে আৰু এই কথা ঠিক যে কিছুমান উপাদান শৰীৰৰ সু্‌স্থ-নিৰোগী আৰু দীৰ্ঘায়ু জীৱন পাবলৈ অৱশ্যেই প্ৰয়োজন৷ তাৰ ভিতৰত ভিটামিনো এবিধ৷ সকলো ভিটামিনেই শৰীৰক সুস্থ ৰখাৰ বাবে জৰুৰী৷ কিন্তু ভিটামিন-ডিত আছে এনে কিছুমান গুণ, যি হ’ব পাৰে দীৰ্ঘ আৰু সুস্থ জীৱনৰ মূল চাবিকাঠী৷ আনহাতে হৃদযন্ত্ৰক সুস্থ আৰু সবল কৰি ৰাখিবলৈ এই ভিটামিন-ডিয়ে বিশেষভাৱে সহায় কৰে৷ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ভিটামিন-ডি বিশেষভাৱে উল্লেখযোগ্য৷ আনহাতে হাড় মজবুত তথা হাড়ৰ সুস্থতাত এই ভিটামিনে সহায় কৰে৷ ইয়াৰ উপৰি ৰক্তচাপৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখি হৃদযন্ত্ৰ ভালে ৰখাৰ ক্ষেত্ৰত ভিটামিন-ডিৰ ভূমিকা যথেষ্ট আছে৷ ব্যস্ত আৰু অনিয়ন্ত্ৰিত জীৱনযাত্ৰাৰ কাৰণে বৰ্তমান হৃদৰোগ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ চিকিৎসকৰ মতে ভিটামিন-ডি টেবলেট খোৱাৰ উপৰি যদি নিয়মিতভাৱে শৰীৰচৰ্চা কৰা হয়, তেনেহ’লে হৃদৰোগৰ সম্ভৱনা কমি যাব৷ বিভিন্ন গৱেষণাৰ পৰা পোৱা গৈছে যে শৰীৰত ভিটামিন-ডিৰ অভাৱ হ’লে হৃদযন্ত্ৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে৷ আনহাতে নিয়মিতভাৱে শৰীৰচৰ্চা কৰাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে৷ যাৰ ফলত শৰীৰৰ ওজন বৃদ্ধিত বাধাৰ সৃষ্টি হয়৷ সকলো মিলি কাৰ্ডিঅ’ভাস্কুলাৰ ৰোগৰ সম্ভাৱনা কমি থাকে৷ আনহাতে ভিটামিন-ডিয়ে শৰীৰৰ ৰক্ত সঞ্চালন স্বাভাৱিক ৰখাত সহায় কৰে৷ হৃদযন্ত্ৰৰ ৰক্তপ্ৰবাহ স্বাভাৱিক থকাৰ ফলত হৃদৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ হৃদৰোগৰ সম্ভাৱনা কমাই ৰাখিবলৈ ভিটামিন-ডি আৰু শৰীৰচৰ্চাৰ উপৰি ডায়েট আৰু জীৱনধাৰাৰ ওপৰতো নজৰ দিব লাগে৷ সূৰ্যৰ ৰশ্মি ভিটামিন-ডিৰ প্ৰধান উৎস৷ ইয়াৰ বাহিৰেও গাখীৰ, তেলযুক্ত মাছ, মাশ্বৰূম, কণীৰ কুহুম আদিৰ ভিটামিন-ডি পোৱা যায়৷ চিকিৎসকৰ মতে ভিটামিন-ডিৰ ছাপ্লিমেণ্ট এইবোৰ খাদ্য খালে শৰীৰে ভিটামিন-ডি লাভ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here