হাৰ্ট এটেক হোৱাৰ সম্ভাৱনাশীতকালত কিয় বেছি?

0
251

সাধাৰণতে গ্ৰীষ্মকালতকৈ শীতকালত হূদৰোগত আক্ৰান্ত গৈ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰবল৷ অধিকাংশৰ লোকৰ ক্ষেত্ৰতে ৰাতিপুৱাৰ ভাগত বাথৰূমলৈ গৈ হাৰ্ট এটেক হোৱা দেখা যায়৷ শীতে ইয়াৰ প্ৰৱণতা বঢ়াই তোলে৷ কিছুমান সতকৰ্তা অৱলম্বন কৰি, বিশেষকৈ শীতকালত হাৰ্ট এটেক হোৱাৰ  পৰা ৰক্ষা পৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে৷ কি কি সতৰ্কতা অৱলম্বন কৰি আমি হাৰ্ট এটেকৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ, জানো আহক–
ৰাতিপুৱা বিছনাৰ পৰা শুই উঠিয়েই হঠাতে উঠি দিব নালাগে৷ কমেও ৩০ ছেকেণ্ডমান ৰৈ লাহে লাহে বিছনাৰ পৰা নামিব লাগে৷ শীতকালি শোওঁতে গৰম কাপোৰ লৈ যিহেতু শোৱা হয়, সেয়ে শৰীৰৰ ৰক্ত প্ৰবাহ বৃদ্ধি হয়৷ ৰক্ত প্ৰবাহ স্বাভাৱিক হ’লেহে বিছনাৰ পৰা উঠিব লাগে৷
হঠাৎ বিছনাৰ পৰা উঠিলে আমাৰ মস্তিষ্কৰ ৰক্ত প্ৰবাহ কমি যায়৷ যাৰ ফলত অক্সিজেনৰ অভাৱ হৈ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে৷
শীতকালত উঠিয়েই ঠাণ্ডা পানীৰে গা ধুব নালাগে৷ প্ৰথমে গা অংশত পানী ঢালিহে পাছত মূৰত ঢালিব লাগে৷ নহ’লে হাৰ্ট এটেক সম্ভাৱনা অধিক৷
উচ্ছ ৰক্তচাপ, কলেষ্টৰেল, ধূমপান, ওজন নিয়ন্ত্ৰণ আদি একাধিক সমস্যাৰ বাবেও হাৰ্ট এটেক হ’ব পাৰে৷ মানসিক অৱসাদ, চিন্তা আদি কমাই চলিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here