অতিৰিক্ত ছ’ডিয়ামে মানৱ শৰীৰত মাৰাত্মক প্ৰভাৱ পেলাইছে : WHO

0
926


ছ’ডিয়াম আমাৰ শৰীৰৰ বাবে অত্যন্ত লাগতিয়াল উপাদান৷ প্ৰধানকৈ নিমখৰ মাধ্যমেৰে শৰীৰে ছ’ডিয়াম লাভ কৰে৷ অৰ্থাৎ ছ’ডিয়াম সাধাৰণ লৱণৰ এক উপাদান৷ কিন্তু এই ছ’ডিয়ামৰ মাত্ৰাৰ তাৰতম্য হ’লে শৰীৰত মাৰাত্মক প্ৰভাৱ পৰিব পাৰে৷ বিভিন্ন অস্বাস্থ্যকৰ খাদ্যত থকা ছ’ডিয়ামে মৃত্যুৰ কাৰণ হ’ব পাৰে৷ বৰ্তমান সময়ত অধিক মাত্ৰাত ছ’ডিয়াম গ্ৰহণৰ ফলত প্ৰেছাৰ, ডায়বেটিছ, কিডনীজনিত ৰোগ, ষ্ট্ৰ’ক, হাৰ্টৰ ৰোগ আদি বৃদ্ধিৰ প্ৰৱণতা অভাৱনীয়ভাৱে বাঢ়িছে৷ শেহতীয়াভাৱে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ই অতিৰিক্ত ছ’ডিয়ামে শৰীৰত পেলাব পৰা মাৰাত্মক প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি দিছে৷ সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই ২০২৫ চনৰ ভিতৰত অতিৰিক্ত ছ’ডিয়াম ৩০ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ উল্লেখ্য যে সমগ্ৰ বিশ্বত প্ৰতিজন মানুহে দৈনিক গড়ে ১০.০ গ্ৰাম ছ’ডিয়াম গ্ৰহণ কৰে৷ কিন্তু সংস্থাটোৱে নিৰ্ধাৰণ কৰি দিয়া মাত্ৰা অনুসৰি এজন মানুহে দৈনিক গড়ে পাঁচ গ্ৰামতকৈও কম ছ’ডিয়াম গ্ৰহণ কৰিব লাগে৷ ব্ৰাজিল, ছৌডি আৰব, চিলি, লিথুৱানিয়া, মালয়েচিয়া, উৰুগুৱে, চেক গণৰাজ্য, স্পেইন এই ৯ খন দেশে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশ পালন কৰি আছে যদিও বাকী দেশবোৰৰ নাগৰিকে অত্যধিক মাত্ৰাত ছ’ডিয়াম গ্ৰহণ কৰিয়েই আছে৷ ইয়াৰ ফলস্বৰূপে এই দেশবোৰত বছৰি হাৰ্টৰ ৰোগ, উত্ত ৰক্তচাপ, ষ্ট্ৰ’ক আদিত মৃত্যুৰ হাৰ বাঢ়ি গৈ আছে৷ সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই অনাগত দিনত এই দেশসমূহকো উক্ত নিৰ্দেশ পালন কৰি স্বাস্থ্য সচেতনাই বৃদ্ধিত সহযোগ কৰিবলৈ আহবান জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here